ডিজিটেল ডেস্কঃ গুৱাহাটীত মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান। লগত আহিছে তেওঁৰে প্ৰেমিক তথা অসম সন্তান, শিল্পী শান্তনু। দুয়ো খানাপাৰাত অনুষ্ঠিত হৈ থকা ৰঙালী নামৰ এক বিশেষ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছে। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে পৰা প্ৰেমিক শ্ৰুতি হাছানক অসমৰ থলুৱা খাদ্যৰ সোৱাদ দিয়াত ব্যস্ত প্ৰেমিক শান্তনু।
অসম সন্তান শান্তনুৰ সৈতে কিদৰে প্ৰেমত পৰিল সেই কথাও এইবাৰ মুকলিকৈ কলে শ্ৰুতি হাছানে। তেওঁ কোৱা মতে- এটা প্ৰজেক্টৰ কামৰ বাবে মোৰ কেইজনমান আৰ্ট কৰা শিল্পীৰ প্ৰয়োজন হৈছিল। সেই সময়তে মোৰ কেইজনমান বন্ধুৱে কলে এজন খুব ভাল শিল্পী আছে। তেতিয়া মই শান্তনুৰ কামবোৰ চালো আৰু উপলদ্ধি কৰিলো তেওঁৰ কামবোৰৰ গভীৰতা।
তেওঁ লগতে কয়, প্ৰজেক্টৰ কামৰ বাবে আমি মাজে সময়ে লগ পোৱা হলো আৰু এনেকৈয়ে আমাৰ মাজত আত্মীয়তা বাঢ়িল। এজনে আনজনৰ সৈতে বিভিন্ন কথা শ্বেয়াৰ কৰিবলৈ ধৰিলো। সুখ-দুখৰ কথাৰ লগতে কেতিয়াবা হতাশ হ’লে আমি কথাবোৰ শ্বেয়াৰ কৰো। এনেকৈয়ে আমি এজনে আনজনৰ সৈ কমফৰ্ট হবলৈ ধৰিলো।
উল্লেখ কৰা প্ৰয়োজন যে, শ্ৰুতি হাছান কেৱল অভিনেত্ৰীয়েই নহয়, এগৰাকী ভাল কন্ঠশিল্পীয়ো। খানাপাৰাত তেওঁৰ মুখত শুনা গ’ল অসমীয়া কথাও।