1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:47 pm

কি হ’ব, ১ লিটাৰ গাখীৰত ২০০০ টকা! এজনৰ পিছত আনজন মন্ত্ৰীৰো পদত্যাগ…

  • Update Time : Monday, April 4, 2022

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট মাজতে কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰৰ পদত্যাগ। অজিত নিৱাৰ্ড কাব্ৰালীয়ে পদত্যাগ কৰিছে কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ পদৰ পৰা।

টুইটযোগে গৱৰ্ণৰ অজিত নিৱাৰ্ডে নিজেই প্ৰকাশ কৰিছে এই কথা। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ওচৰতো পদত্যাগ পত্ৰ দাখিল নিৱাৰ্ডৰ। শ্ৰীলংকাত অৰ্থনৈতিক সংকটৰ সমান্তৰালকৈ ৰাজনৈতিক অস্থিৰতাও বৃদ্ধি হৈছে। জনতাৰ ক্ষোভ দেখি দেশ এৰি পলায়ন কৰিছে প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ বহু সদস্যইয়ো।

দেশখনত এজনৰ পিছত এজনকৈ কেবিনেট মন্ত্ৰীয়েও ত্যাগ কৰিছে মন্ত্ৰীত্ব পদ। আজিয়েই শ্ৰীলংকা চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ সম্ভাৱনা। মূল্যবৃদ্ধিত বিধ্বস্ত শ্ৰীলংকাত ১ লিটাৰ গাখীৰৰ দাম হৈছেগৈ ২০০০ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme