ডিজিটেল ডেস্কঃ প্ৰায়সংখ্যক লোকৰেই এক বিশেষ সমস্যা হৈছে ডিঙিৰ বিষ৷ আপোনাৰ ডিঙি আৰু কান্ধ জঠৰ হৈ পৰে নেকি? বা ডিঙি ঘূৰাওতে প্ৰচণ্ড বিষ! এনে লক্ষণবোৰ দেখা দিয়াৰ অৰ্থ হৈছে স্নায়ুজনিত সমস্যা৷ এই ৰোগ সাধাৰণতে দীঘলীয়া সময় বহি থকা বা এফালে শুই থকাৰ ফলত হয়। ইয়াৰ উপৰিও, ডিঙিত নিয়মীয়া চাপ সৃষ্টি কৰা কামৰ বাবে এই সমস্যাই দেখা দিয়ে৷
এই ৰোগটোক গ্ৰীৱাৰ ৰেডিকুলোপেথি বুলিও কোৱা হয়। এই অংশৰ স্নায়ু ক্ষতিগ্ৰস্ত হ’লে বা চাপ থাকিলে এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাবে কেতিয়াবা ডিঙি ফুলিও যায়। ডিঙিৰ বিষো হয়। বহুলোকে ইয়াক সাধাৰণ বিষ বুলি গণ্য কৰে৷ এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটোও গুৰুত্বপূৰ্ণ। অৱশ্যে, চিকিৎসকজনৰ পৰামৰ্শ লোৱাৰ উপৰিও, কিছুমান ঘৰুৱা প্ৰতিকাৰো আছে৷
এই সমস্যাটো দূৰ কৰিবৰ বাবে আপুনি বিশ্ৰাম ল’ব লাগিব। কিয়নো যদি আপুনি এই পৰিস্থিতিত অধিক কাম কৰে তেন্তে সমস্যাটো বৃদ্ধি হয়৷ গতিকে বিশ্ৰাম লওক কিয়নো টোপনিৰ সময়ত, শৰীৰে নিজকে আৰোগ্য অনুভৱ কৰে৷ ডিঙিৰ যি অংশত বিষ অনুভৱ কৰে সেই স্থানত ১০ ৰ পৰা ১৫ মিনিট সময় গৰম সেক দিয়ক৷ গৰম হোৱাৰ লগে লগে সেই অংশত তেজৰ প্ৰবাহ বৃদ্ধি হয়। ফলস্বৰূপে, সমস্যাটো যথেষ্ট হ্ৰাস হয়। আনহাতে, আইচ পেকো ব্যৱহাৰ কৰিব পাৰে৷ ঠাণ্ডাইয়ো বিষ উপশমত সহায় কৰে৷
বিষৰ ক্ষেত্ৰত স্প্লিণ্টো কাৰ্যকৰী সঁজুলিবোৰৰ এটা হ’ব পাৰে। স্প্লিণ্টে বিষ উপশমত সহায় কৰে৷ অৱশ্যে, চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে স্প্লিণ্ট ব্যৱহাৰ কৰিব। এনে ধৰণৰ যিকোনো সমস্যা হ্ৰাস কৰাত মালিচো এক গুৰুত্বপূৰ্ণ বিষয়৷ বিষ হোৱা ডিঙিৰ অংশটো মালিচ কৰক। মালিচেও সমস্যাটো হ্ৰাস কৰাত সহায় কৰে৷ অৱশ্যে, মালিচ কৰাৰ আগতে ফিজিঅ’থেৰাপিষ্ট এজনৰ পৰামৰ্শ লওঁক।
দৰাচলতে, বেছিভাগ সময়তে এনে সমস্যা আমাৰ বহাৰ ভঙ্গীৰ খেলিমেলিৰ বাবেও হয়৷ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলেও কম্পিউটাৰ ব্যৱহাৰ কৰাৰ পিছত কিছু সময়ৰ বাবে থিয় হওঁক। যদি পাৰে অৱস্থান সলনি কৰক। তেতিয়া সমস্যাটো বহু পৰিমানে হ্ৰাস হ’ব পাৰে৷