1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:14 am

৫দিনত ১০০কোটি! অক্ষয়ৰ ছবিলৈ ধনৰ বৰষুণ

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ খিলাড়ী কুমাৰৰ ছবি মানেই ছুপাৰহিট। তাতে যদি ছবিখনৰ পৰিচালনা কৰে ৰোহিত চেট্টীৰ দৰে পৰিচালকে তেন্তেতো কথাই নাই। আৰু অভূতপূৰ্ব এক সোৱাদ দৰ্শকে পোৱাৰ বাবেই Sooryavanshiয়ে এতিয়া প্ৰতিটো দিনাই ভাঙিছে ৰেকৰ্ড। শেহতীয়াকৈ ৫টা দিনত ১০০কোটিৰ ক্লাৱত প্ৰৱেশ কৰিছে ছবিখনে।

এই কথা শেহতীয়াকৈ ৰাজহুৱা কৰিছে ছবি বিশ্লেষক তৰুণ আদৰ্শই। বৰ্তমানলৈকে ছবিখনে উপাৰ্জন কৰিছে ১০২.৮১কোটি টকা। ভাৰতৰ উপৰিও বিদেশতো ছবিখনে উপাৰ্জন কৰিছে ২০কোটিৰো অধিক টকা। ছবিখনে প্ৰতিটো দিনতেই ২০ৰো অধিক টকা উপাৰ্জন কৰিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰোহিত চেট্টীৰ এইখন ছবি হৈছে ধাৰাবাহিকভাৱে ১০০কোটিৰ ক্লাৱত প্ৰৱেশ কৰা নৱমখন ছবি। Sooryavanshiত অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছে কেটৰিণাই। পৰিচালক ৰোহিত চেট্টীও সকলো কলা-কুশলীক ছবিখনৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme