1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:28 am

কংগ্ৰেছত যোগদান কৰিলে চনু সুদৰ ভগ্নীয়ে…

  • Update Time : Monday, January 10, 2022

ডিজিটেল ডেস্কঃ সমাগত দেশৰ ৫ৰাজ্যৰ নিৰ্বাচন। কৰোনা বিধি মানি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিন-বাৰ ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। এই ৫ৰাজ্যৰ নিৰ্বাচনৰ ভিতৰত ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে যে, এইবাৰ পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচন বেচ গৰম হব। ইতিমধ্যে দুয়োখন ৰাজ্যত শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে তীব্ৰ বাক্যবাণ। ৰাজনৈতিক এনে পৰিস্থিতিৰ মাজতে সোমবাৰে কংগ্ৰেছত যোগদান কৰিলে চনু সুদৰ ভগ্নীয়ে। পঞ্জাৱ ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে যোগ হোৱাৰ উদ্দেশ্যৰে মালবিকা সুদে যোগদান কৰে কংগ্ৰেছত।

Sonu Sood's sister joins Congress, may contest polls from Moga - Rediff.com India News

সোমবাৰে মালবিকাই কংগ্ৰেছত যোগদান কৰাৰ সময়ত উপস্থিত আছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধু আৰু ভাতৃ চনু সুদ। উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে মালবিকা সুদে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme