ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল খবৰ। ডিমৰীয়াবাসী ৰাইজক গৌৰৱাম্বিত কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিল সোণাপুৰ মহাবিদ্যালয়। ইণ্ডিয়া টুডে এম ডি আৰ এ বেষ্ট কলেজ ৰেংকিং ২০২২ ত কলা শাখাত ১৩৬নং স্থান দখলেৰে এই মহাবিদ্যালয়খনে ৰাজ্যৰ শিক্ষাখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনিলে।
ইণ্ডিয়া টুডে এম ডি আৰ এ বেষ্ট কলেজ ৰেংকিং ২০২২ ত অসমৰ কেইবাখনো মহাবিদ্যালয়ে স্থান লাভ কৰিছে। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত এই ৰেংকিঙত কলা শাখাত ফৰকাটিং কলেজে ১৩০ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে সোণাপুৰ মহাবিদ্যালয়ে ১৩৬ , ধেমাজি গাৰ্লচ কলেজে ১৫০ , অভয়াপুৰী কলেজে ১৫১ , বৰনগৰ কলেজে ১৫৬ , জাগীৰোড কলেজে ১৬১ নম্বৰ স্থান লাভ কৰিছে। আনহাতে বেষ্ট কমাৰ্চ কলেজ শিতানত কেচি দাস কমাৰ্চ কলেজে ১০৭ নম্বৰ, জাগীৰোড কলেজে ১৫১ নম্বৰ স্থান লাভ কৰিছে।
শ্ৰেষ্ঠ বিজ্ঞান কলেজ শিতানত জাগীৰোড কলেজে ১৫১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, সোণাপুৰ মহাবিদ্যালয়ে বেষ্ট আৰ্টচ কলেজ শিতানত ২০১৮ চনৰ পৰাই দেশৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ এই ধাৰাবাহিক সফলতাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱব্ৰত খনিকৰে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান আৰু সহযোগিতাৰ শলাগ লয় লগতে ডিমৰীয়াবাসীৰ সহযোগিতাৰ কথাও উল্লেখ কৰে।