ডিজিটেল ডেস্কঃ স্মাৰ্টফোন প্ৰত্যেকৰেই হাতে হাতে। স্মাৰ্টফোন অবিহনে একপ্ৰকাৰে জীৱনেই অসাৰ। মেটাৰ যুগলৈ মানৱ সমাজ গতি কৰিছে। ফোনটোতেই সকলো সোমাই থাকে। চাৰ্জক লৈ প্ৰায়সংখ্যকেই সেয়ে সমস্যাত ভুগে। কোনো কোনো ফোনত চাৰ্জ সোনকালে শেষ হয়। আনহাতে চাৰ্জ লোৱাটো সময় লাগে। অযথা বহু সময় অপচয় হয়। কিন্তু এতিয়া আৰু এই সমস্যাত ভুগিব নালাগে। সোনকালেই এইকেইটা উপায়েৰে চাৰ্জ দিব পাৰিব।
বহু স্মাৰ্টফোন ব্যৱহাৰকাৰীয়েই ফাৰ্ষ্ট চাৰ্জিং এডপ্টাৰ ব্যৱহাৰ নকৰে। তেনেক্ষেত্ৰত চাৰ্জ দিয়াৰ বাবে অত্যাধিক সময় অপচয় হয়। বজাৰত একাধিক ফাৰ্ষ্ট চাৰ্জাৰ এডপ্টাৰ উপলব্ধ। স্মাৰ্টফোনটোৰ কোম্পানীৰ সৈতে একোটা ফাৰ্ষ্ট চাৰ্জিঙৰ এডপ্টাৰ ক্ৰয় কৰিব পাৰে।
ফোন ক্ৰয় কৰাৰ সময়ত ফোনটোৰ সৈতে এডাল ইউএচবি কেবল দিয়া হয়। কিন্তু প্ৰায়সংখ্যকেই সেই কেবল ব্যৱহাৰ নকৰে। অন্য কেবল ব্যৱহাৰ কৰি চাৰ্জ দিয়ে। তাৰ বাবে চাৰ্জিং লেহেমীয়া হয়। ফোনটোৰ সৈতে দিয়া এডপ্টাৰ ব্যৱহাৰ কৰিলে চাৰ্জ সোনকালে হয়।
একাংশই ঘৰত থাকোতে ৱাল ছকেটত চাৰ্জ দিয়াৰ সলনি USB পোৰ্টত চাৰ্জ দিয়ে। তেনেক্ষেত্ৰতো চাৰ্জ লওতে অযথা সময়ৰ প্ৰয়োজন হয়। ৱাল চকেটত চাৰ্জ দিলে চাৰ্জৰ কোনো সমস্যাই সাধাৰণতে দেখা নিদিয়ে। পোন চাৰ্জ দিয়াৰ সময়ত WiFi, Bluetooth, Location ইত্যাদি অফ কৰি ৰখাটো ভাল। এই ফিচাৰসমূহে চাৰ্জ শেষ কৰে। GPS-অন থাকিলে বেটাৰী অত্যাধিক খৰচ হয়। ইয়াৰোপৰি বেকগ্ৰাউণ্ড এপসমূহো চাৰ্জ দিয়াৰ সময়ত বন্ধ ৰখাটোয়েই শ্ৰেয়। বেকগ্ৰাউণ্ড এপেও অত্যাধিক বেটাৰী খৰচ কৰে।
উল্লেখ্য যে Airplane মুডত ৰাখিলে ফোনৰ সকলো এপেই কাম কৰা বন্ধ কৰে। সেয়ে Airplane মুডত ৰাখি চাৰ্জ দিলে সোনকালেই চাৰ্জ লয়। চাৰ্জত দিওতে এই মুডত থাকিলে ফোনটো গৰম হোৱাৰো সম্ভাৱনা নাথাকে। বহুতেই গোটেই নিশা ফোনটো চাৰ্জত ৰাখে এইয়াও ফোনটোৰ কাৰ্ক্ষমতা কমি অহাৰ এটা কাৰণ। গোটেই নিশা ফোন চাৰ্জত দিয়াৰ ভুলটো সাধাৰণতে নকৰিব। চাৰ্জ সম্পূৰ্ণ হোৱাৰ পিছত চাৰ্জিং চকেটত ফোনটো লগাই নথবও।