ডিজিটেল ডেস্কঃ ৰামায়নৰ কুম্ভকৰ্ণৰ কাহিনী সকলোৰেই জ্ঞাত। ছমাহ শুই ছমাহ সাৰে আছিল কুম্ভকৰ্ণ। কাণৰ কাষত ঢোল-তাল যিয়েই বজাওক কুম্ভকৰ্ণৰ নিদ্ৰা নাভাঙে। সেয়া কাহিনীতেই ভাল লাগে। সঁচাকৈ জানো কোনো লোকে এনেকৈ শুব পাৰে? এই অবাস্তৱ যেন লগা কথাটোৱেই সম্ভৱ হৈ পৰিছে এতিয়া। আধুনিক পৃথিৱীৰ কুম্ভকৰ্ণৰূপে পৰিচিত হৈ পৰিছে এগৰাকী যুৱতী।
এদিন দুদিন নহয় ১০ বছৰ ধৰি কেৱল শুৱেই আছে যুৱতীগৰাকী। টোপনি যেতিয়া গৈছিল তেতিয়া যুৱতীগৰাকী আছিল ১১ বছৰীয়া কিশোৰী। যেতিয়া টোপনিৰ পৰা সাৰ পালে তেতিয়া যুৱতীগৰাকী এগৰাকী যুৱতী। ২১ বছৰীয়া যুৱতী। ১০ বছৰে নিদ্ৰাত থকা যুৱতীগৰাকীৰ সাৰ পাই আচৰণসমূহ কেনে হ’ল? অন্য লোকৰ দৰেই তেওঁ স্বাভাৱিক নে? আপোনাৰ মনতো নিশ্চয় এইসমূহ প্ৰশ্ন উত্থাপিত হৈছে। যুৱতীগৰাকীয়ো যিহেতু নিদ্ৰাতেই কটালে ১০ বছৰ। ১০ বছৰ ধৰি নিদ্ৰাত থকা যুৱতীগৰাকীৰ মানসিক বিকাশ কিন্তু অন্যৰ দৰে স্বাভাৱিক নহয়। মানসিকতা ১১বছৰীয়া এগৰাকী কিশোৰীৰ দৰেই হৈ থাকিল যুৱতীগৰাকীৰ। জীৱনৰ আগবঢ়া ১০টা বছৰৰ মচ খাইছে জীৱনৰ পৰাই। কিন্তু কিয় এনেদৰে ১০বছৰে ঘূমন্ত অৱস্থাত আছিল যুৱতীগৰাকী?
এলেন ছেডলাৰ নামৰ এই যুৱতীগৰাকীৰ জন্ম হৈছিল ১৮৫৯চনত ব্ৰিটেইনৰ এখন সৰু প্ৰদেশত। ১২গৰাকী ভায়েক-ভনীয়েকেৰে এক বৃহৎ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল এলেন। অন্যৰ দৰেই স্বাভাৱিক জীৱন ধাৰণ এলোনৰো। এদিন নিশা আহাৰ গ্ৰহণৰ পিছত সকলোৰে লগতে এলেনো শুবলৈ হ’ল। সেই যি শুলে এলেন আৰু শুৱাৰ পৰা নুঠিল। পৰিয়ালৰ লোকসকলে বিভিন্ন পন্থাৰে এলেনক জগাবলৈ চেষ্টা কৰিলে যদিও সকলো বিফল হ’ল। টোপনিতে উশাহ-নিশাহ স্বাভাৱিকভাৱেই লৈ আছিল এলেনে। মাতৃয়ে বিভিন্ন উপায় অৱলম্বল কৰিও জগাব নোৱাৰাত চিকিৎসকৰ কাষ চাপে। চিকিৎসকেও বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিও জগাব নোৱাৰিলে এলেনক। শেষত এলেনৰ টোপনিত থকা অৱস্থাতে জুলীয়া আহাৰ খুৱাই থকা হ’ল। এসময়ত ধীৰে ধীৰে শাৰীৰিকভাৱে ভাগি আহিল এলেন। হাড়ে-চালে লাগি থকা এলেনক মাতৃয়েও হাৰ নামানি জুলীয়া খাদ্য খোৱাই থাকিল।
এলেনৰ কথা চৌদিশে বিয়পি পৰাত তেওঁলোকৰ গৃহলৈ শুই থকা এলেনক চাবৰ বাবেই পৰ্যটক যোৱা আৰম্ভ হ’ল। এলেনৰ পিতৃৰ সৰুতেই মৃত্যু হৈছিল। এলেন শুই থকাৰ মাজতেই মাতৃগৰাকীৰো মৃত্যু হ’ল। মাতৃৰ মৃত্যুৰ ৫ বছৰ পিছত সকলোকে আচৰিত কৰি টোপনিৰ পৰা সাৰ পালে এলেন। প্ৰকততে এলেনৰ কি হৈছিল সেই সম্পৰ্কে চিকিৎসকে প্ৰকাশ কৰা অনুসৰি এলেনৰ ট্ৰাইপ্যানাচোমায়াচিছ। সাধাৰণ ভাষাত শ্লিপিঙ চিকনেছ। আধুনিক চিকিৎসাবিজ্ঞানত এই ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে। কিন্তু উনৈশ শতিকাৰ সেই সময়খিনিত এই ৰোগৰ চিকিৎসা সম্ভৱ হোৱা নাছিল।