ডিজিটেল ডেস্কঃ সময় সকলোৰেই আহে। সময়ে সকলোকেই সুযোগ দিয়ে। সময়ে কিন্তু কাঢ়িবলৈকো কুণ্ঠাবোধ নকৰে। আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ সৈতেও সেয়াই হ’ল। বিধায়কক ধমক দি লেডী সিংঘম নাম পোৱা জোনমণি ৰাভা এতিয়া নিজেই এগৰাকী অভিযুক্ত। কেৱল বিধায়ককেই ধমক দিছিল এনে নহয়, কিছুদিন পূৰ্বে ভাৱী স্বামীকো ধৰি আনি লকআপত সোমোৱাইছিল জোনমণিয়ে। সিদিনালৈকে ৰাজ্যবাসীয়ে সন্মান আৰু মৰমৰ দৃষ্টিৰে চোৱা জোনমণিক ৰাইজে চাইছে ঘৃণা আৰু উপহাসৰ দৃষ্টিৰে। ভাৱী স্বামী ৰাণা পগাগৰে মিলি লাখ লাখ টকা সৰলুকি কৰাৰ অভিযোগত অভিযুক্ত হৈছে জোনমণি ৰাভা। অৱশ্যে ভাৱীস্বামীক নিজেই গ্ৰেপ্তাৰ কৰোৱাই কিছুদিন পূৰ্বে ৱাহ ৱাহ লৈছিল জোনমণিয়ে।
জোনমণি ৰাভাৰ দুটাকৈ বেংক একাউণ্টত ২০ লাখৰো অধিক ধন জমা হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তিনিদিন ধৰি সোধাপোছা চলোৱা হয় এছ আই জোনমনিক। সোধপোছৰ অন্ততেই শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে জোনমণি ৰাভাক। এই সমগ্ৰ সময়ছোৱাত জোনমণি ৰাভাই নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। হুকহুকাই কান্দি, নিজৰ ভুল স্বীকাৰো কৰিছে। কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলিও দাবী কৰিছে জোনমণি ৰাভাই।
উল্লেখ্য যে, জোনমণি ৰাভা প্ৰথম চৰ্চালৈ আহিছিল বিধায়ক অমিয় কুমাৰ ভূঞাক ফোনত ধমক দি। শাসকীয় দলটোৰ বিধায়কগৰাকীক তেতিয়াৰ মাজুলীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাই ফোনতেই ধমক দিছিল। তাৰ পিছত সেই ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে লেডী সিংঘম নাম পাইছিল জোনমণিয়ে। পৰৱৰ্তী সময়ত নিজৰ ভাৱী স্বামীক গ্ৰেপ্তাৰ কৰোৱাই পুনৰ এগৰাকী সাহসী আৰক্ষী বিষয়া হিচাপে চৰ্চালৈ আহে জোনমণি। কিন্তু তাৰ পিছতেই সলনি হ’ল জোনমণিৰ সময়। এসময়ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ পৰা ধমক খোৱা বিধায়ক অমিয় কুমাৰ ভূঞাইয়ো জোনমণি ৰাভাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
বিহপুৰীয়া সমষ্ঠিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই জোনমণি সন্দৰ্ভত কয় , ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’। অমিয় কুমাৰ বৰাৰ মন্তব্যৰ পিছতেই এতিয়া একাংশই সামাজিক মাধ্যমত চলাইছে চৰ্চা। আওপকীয়াকৈ বিধায়কগৰাকীয়ে তেওঁক দিয়া ধমকৰ বাবেই এই কটাক্ষমূলক মন্তব্য কৰা বুলিও প্ৰকাশ কৰিছে।