ডিজিটেল ডেস্কঃ ভ্ৰাম্যমাণ জগতৰ এটা অতিকৈ চিনাকি তথা বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাৰ আজি ওপজা দিন। কেইবাটাও দশকজুৰি ভ্ৰাম্যমাণৰ মঞ্চত দপদপাই থকা ভৱেশ বৰুৱাক এই বৰ্ষৰ পৰা নাটকৰ মঞ্চত আৰু অভিনয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ পৰিৱৰ্তে নাট পৰিচালনা বা নিৰ্দেশক হিচাপে কাম কৰি যোৱাৰ কথা তেওঁ ইতিমধ্যে সদৰি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্রশাসনৰ সহযোগত ২০২০বৰ্ষত ভৱেশ বৰুৱাক প্ৰদান কৰা হৈছিল নটসূর্য ফণী শর্মা সোঁৱৰণী বঁটা। অসমৰ ৰাইজক মনোৰঞ্জনৰ খোৰাক দিয়া বিশিষ্ট নাট্যশিল্পী গৰাকীলৈ আমিও যাচিলো ওপজা দিনৰ শুভকামনা।
এই খিনিতে এটা কথা উল্লেখ কৰি থোৱা প্ৰয়োজন যে, ভৱেশ বৰুৱাৰ একমাত্ৰ পুত্ৰ হৈছে বেহাৰবাৰী আউট পোষ্টত এছ আইৰ অভিনয় কৰা প্ৰীতম বৰুৱা।