ডিজিটেল ডেস্কঃ প্ৰেম তথা প্ৰেমিকৰ ওপৰত বহুতৰে মনত বিশ্বাস কমাই অনা শ্ৰদ্ধা হত্যাকাণ্ডৰ ঘটনাটোৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ঘাটক প্ৰেমিক আফতাবক লৈ ঘটনাৰ তদন্তত আগবাঢ়িছে দিল্লী আৰক্ষী। প্ৰতিটো দিনতে নিজৰ বক্তব্য সলনি কৰি আৰক্ষীক ভুল পথেৰে নিয়াৰ চেষ্টাও অব্যাহত ৰাখিছে অপৰাধী আফতাবে। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে কৰা নাৰ্কো টেষ্টত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য।
আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, প্ৰেমিকা শ্ৰদ্ধাক ৩৫টুকুৰা কৰি ফ্ৰীজত ৰখাৰ পাছতো এগৰাকী মনোবিজ্ঞান চিকিতসকৰ সৈতে সেই একেটা ৰূমতে যৌন সম্ভোগত লিপ্ত হৈছিল আফতাব। এই তথ্য পোহৰলৈ অহাৰ পাছতে আফতাবৰ নিকৃষ্ট মানসিকতাৰ উমান পাইছে আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, সেই চিকিতসক গৰাকীকো মিছা কথাৰে প্ৰেমত পেলাইছিল আফতাবে।
শ্ৰদ্ধাক হত্যা কৰাৰ পাছত আফতাবে সেই চিকিতসকগৰাকীৰ সৈতে কেইবাবাৰো যৌন সম্ভোগত লিপ্ত হৈছিল। আৰক্ষীয়ে সেই মহিলা চিকিতসক গৰাকীৰ পৰিচয় বিচাৰি পাইছে। চিকিতসক গৰাকীক আটক কৰা হৈছে যদিও তদন্তৰ খাতিৰত তেওঁৰ নাম পৰিচয় আৰক্ষীয়ে কাকোৱেই প্ৰদান কৰা নাই। চিকিতসকগৰাকীয়ে উক্ত হত্যাকাণ্ডৰ বিষয়ে অৱগত নহয় বুলি মন্তব্য কৰিছে আৰক্ষীৰ সন্মুখত। প্ৰয়োজন হলে, তদন্তত সকলোপ্ৰকাৰে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে মহিলা চিকিতসকগৰাকীয়ে।