ডিজিটেল ডেস্কঃ সোমাবাৰটো শুভদিন বুলি ধৰা হয়। বহু লোকে সোমবাৰৰ দিনা শিৱৰ ব্ৰতত ৰাখে। সেয়ে সোমবাৰৰ দিনতোত কেইটামান কথা মনত ৰাখিব লাগে, যদি আপুনি জানি- বুজি বা ভুলতেও এইসমূহ কাম সোমবাৰৰ দিনা কৰে তেতিয়া হ’ব পাৰে আপোনাৰ বৃহৎ ক্ষতি। এনে কাম কৰিলে মহাদেৱ অসন্তষ্ট হৈ পৰে বুলি গণ্য কৰা হয়।
সোমবাৰৰ দিনা গুৰু আহাৰ নাখায় বুলি সকলোৱে জানে। কিন্তু ব্ৰতৰ সময়ছোৱাত ফলাহাৰ কৰোঁতে অজানিতে নিমখৰ ব্যৱহাৰ হয়। আপোনাৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সোমবাৰে ব্ৰতত থকা সময়খিনিত আৰু দিনতোত আপুনি ভুলতো নিমখ খাব নালাগে। যদি আপুনি সেই দিনটোত এবাৰ খাদ্য খায়, সেই খাদ্যও নিমখবিহীন হ’ব লাগে। যদি নিমখ আপোনাৰ অত্যন্ত প্ৰয়োজন হয় তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব।
দ্বিতীয়তে, সোমবাৰৰ দিনতোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয় তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক স্থাপন কৰিব নালাগে। এনে কৰিলে সোমবাৰৰ ব্ৰত অথলে যায় বুলি গণ্য কৰা হয়।