1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 8:05 pm

শ্বেন ৱাৰ্নক হত্যা কৰা হ’ল নেকি? ৰূমত আৰক্ষীয়ে পাইছে তেজৰ দাগ…

  • Update Time : Sunday, March 6, 2022

ডিজিটেল ডেস্কঃ ৫২বছৰ বয়সত থাইলেণ্ডত হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্নে।  সমগ্ৰ বিশ্ব এই খবৰক লৈ শোকসাগৰত ডুবি থকাৰ মাজতেই আন এক খবৰে সকলোকে আচৰিত কৰি তুলিছে। শেহতীয়াকৈ থাইলেণ্ড আৰক্ষীয়ে সদৰি কৰিছে যে, শ্বেন ৱাৰ্নৰ  কোঠাৰ মজিয়া আৰু গা ধোৱা টাৱেলত পোৱা গৈছে তেজৰ দাগ।  ইতিমধ্যে আৰক্ষী উক্ত কোঠাটোত উপস্থিত হৈ তদন্তও আৰম্ভ কৰিছে।

স্থানীয় সংবাদ মাধ্যমত আৰক্ষীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি- ৰূমটোত বৃহত পৰিমাণৰ তেজৰ চেকুৰা পোৱা গৈছে।  এই সন্দৰ্ভত অৱশ্যে আৰক্ষীয়ে বিশেষ কোনো কথা সদৰি কৰা নাই। উল্লেখ্য যে, বন্ধুবৰ্গৰ সৈতে থাইলেণ্ডত ফুৰিবলৈ যোৱা ৱাৰ্নৰ মৃতদেহ সন্ধিয়া প্ৰায় ৫বজাত এগৰাকী বন্ধুয়ে প্ৰত্যক্ষ কৰিছিল। ততাতৈয়াকৈ চিকিতসালয়ত ভৰ্তি কৰা হৈছিল যদিও, তেওঁক ডাক্তৰে মৃত ঘোষণা কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme