ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান। যাৰ নামেই পৰিচয়, একাংশই তেওঁক বলীউদৰ ‘বাদশ্বাহ’ বুলি কয়, আন একাংশই তেওঁক ‘কিং খান’ বুলি কয়! আজি শ্বাহৰুখ খানৰে জন্মদিন। বলীউদৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিনেতাসকলৰ ভিতৰত অন্যতম শ্বাহৰুখ খানে অশেষ কষ্টৰ মাজেৰে বলীউদত প্ৰৱেশ কৰিছিল।
টিভিৰ পৰা বলীউডলৈ কৰা যাত্ৰা শ্বাহৰুখৰ বাবে সহজ নাছিল। কিন্তু তেওঁ কঠোৰ পৰিশ্ৰমেৰে ইয়াক সফল কৰি তুলিছিল। শ্বাহৰুখে ১৪ বছৰ বয়সত তেওঁৰ দেউতাকক হেৰুৱাইছিল। ইয়াৰ পিছতে হঠাত্ তেওঁৰ মাকৰ মৃত্যু হোৱাত একেবাৰে ভাগি পৰিছিল অভিনেতাজন।
কিং খানে উল্লেখ কৰিছিল যে, তেওঁ মাতৃৰ অত্যন্ত ঘনিষ্ঠ আছিল। মাতৃয়ে প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিল। এটা ঘটনাৰ কথা মনত পেলাই তেওঁ কয় যে, যেতিয়া তেওঁৰ মাতৃ লতিফ ফাতিমা খানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তেতিয়া মাতৃয়ে শ্বাহৰুখৰ অভিনয় চাব পৰাকৈ VCRৰ ব্যৱস্থা কৰিছিল। তাৰ পিছত তেওঁ টিভিত দৈনিক ধাৰাবাহিকত কাম কৰিছিল।
আৰ্থিকভাৱে এটা অতি সাধাৰণ পৰিয়ালত জন্ম লোৱা শ্বাহৰুখ খানে দৰিদ্ৰতাৰ ভালেখিনি অৱস্থা দেখিছে। ঘৰ ভাড়া দিবলৈ ধনৰ অভাৱত পৰিয়ালৰ বস্তুবাহানি পদপথত আৱিস্কাৰ কৰি পাইছে। জীৱনত এজন খেলুৱৈ হ’বলৈ বিচাৰিছিল তেওঁ, কিন্তু দুৰ্ঘটনাত পতিত হৈ উন্নত চিকিৎসা কৰিবলৈ ধন নথকা বাবে খেলাৰ আশা চিৰদিনলৈ বাদ দি দুখ পাতলাবলৈ আৰু সময়বিলাক পাৰ কৰিবলৈ থিয়েটাৰত যোগ দিছিল।
কম ভাড়াৰ ঘৰ বিচাৰি গৈ মাকে এখন চিৰিয়েলৰ খবৰ পাই তাত যোগ দিয়াৰ কথা পাতিবলৈ তেওঁক পঠাই দিছিল। বিফলতাৰ প্ৰতি ভয়ৰ বাবে তেওঁ কামত জড়িত হৈছিল। তেওঁ কয় যে— তেওঁৰ প্ৰথমখন হিট চিনেমা “দিৱানা” অৰমান কোহলি নামৰ এজন অভিনেতাই এৰি থৈ গৈছিল, যাৰ বাবে তেওঁ মুখ্য চৰিত্ৰটো পাইছিল; “বাজীগৰ” প্ৰত্যাখ্যান কৰিছিল চলমান খানে; “ডৰ” কৰিছিল আমীৰ খানে।
তেওঁ সেইসমূহ কৰি গৈছিল তেওঁ যে কামত ব্যস্ত আছে তাৰ নিশ্চিতিৰ বাবে। কোৱা হয় যে “অঞ্জাম”ৰ মূল চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰ লোৱাটো সেই সময়ৰ ষ্টাৰ অভিনেতাসকলৰ বাবে প্ৰত্যাহ্বানজনক আছিল। কিন্তু সেই গোটেইসমূহেই হিট হৈ পৰিছিল। বিভিন্ন বক্তৃতাত শ্বাহৰুখ খানে কৈছে— “মই বিশ্বাস কৰোঁ যে সফলতা লাভৰ ইচ্ছা সফলতা আহৰণৰ প্ৰকৃত পথ নহয়, বিফলতাৰ প্ৰতি ভয়হে ইয়াৰ সঠিক পথ।” “যদিহে তুমি বিফল হোৱাটোলৈ পৰ্যাপ্ত ভয় অনুভৱ নকৰা তেন্তে তোমাৰ সফলতা লাভৰ সম্ভাৱনা ক্ষীণ হৈ পৰে।” “এটা কথা মনত ৰাখিব লাগিব যে জীৱনৰ সফলতাই শেষ কথা নহয় আৰু বিফলতাই জীৱনৰ অন্ত নহয়। আনে যিবোৰ কাম কৰিবলৈ ভয় কৰে সেই কামবোৰলৈ আগবঢ়াটোকহে প্ৰকৃত সাহস বুলি ক’ব পাৰি। সেইবাবে আমি জীৱনৰ বিফলতাসমূহক ভয় কৰিব লাগে। তেতিয়াহে আমি সফলতাৰ বাবে সাহসেৰে আগবাঢ়িব পাৰোঁ।”
“বিফলতাৰ পৰা কিবা শিকিবলৈ আৰু বিফলতাক নম্ৰতাৰে স্বীকাৰ কৰি ল’বলৈ যিকোনো মানুহৰে ক্ষমতা থকা উচিত। এই গুণটোৱে মানুহক নিজৰ লুকাই থকা প্ৰতিভা আৰু গুণবোৰক আৱিষ্কাৰ কৰাত সহায় কৰে।” “কেতিয়াবা, আমাৰ সফলতা আমাৰ কৰ্মৰ পোনপটীয়া ফল নহয়। ই মাথোঁ নিজৰ মতে ঘটি যায়। আৰু আমি মাথোঁ নিজে তাৰ কৃতিত্বখিনি লৈ লওঁ, কেতিয়াবা আনকি নিৰ্লজ্জভাৱেও।”
“ফিল্মফেয়াৰ”ত প্ৰকাশিত এটা সাক্ষাৎকাৰত শ্বাহৰুখ খানে কৈছিল— “মই প্ৰথম আঘাতটো পাইছিলোঁ ১৫ বছৰ বয়সত। মই ভাবিছিলোঁ মোৰ মৃত্যু হ’ব নতুবা আত্মহত্যা কৰিম। মই ভাবিছিলোঁ মই কেতিয়াও খেলুৱৈ হ’বগৈ নোৱাৰিম আৰু মোৰ জীৱনটো শেষ হৈ গৈছে। আঠ মাহ ধৰি মই বিষন্নতাত ডুবি আছিলোঁ। এতিয়া, মোৰ অষ্টমটো অস্ত্ৰোপচাৰ হৈ গৈছে আৰু মই সুন্দৰকৈ চলি আছোঁ। মোৰ যে সাতটা অস্ত্ৰোপচাৰ ইতিমধ্যে কৰা হ’ল এইয়া তাৰ বাবে সম্ভৱ হোৱা নাই, বৰং এইয়া সম্ভৱ হৈছে মই যে প্ৰথমটোত বৰ্তী থাকিব পাৰিলোঁ তাৰ বাবেহে যেতিয়া নেকি মই মৰিম বুলি ভাবিছিলোঁ।”