1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:12 am

প্ৰতি ৫ দিনত দেশত মৃত্যু হয় এজন চুইপাৰৰ, কিন্তু কেনেকৈ?

  • Update Time : Wednesday, March 30, 2022

ডিজিটেল ডেস্কঃ বিজ্ঞান আগবাঢ়িছে, প্ৰতিদিনেই আবিষ্কাৰ হৈছে ন’ ন’ যন্ত্ৰপাতিও। বিজ্ঞানে আজিও কিয় নৰ্দমা চফা কৰা যন্ত্ৰ আৱিষ্কাৰ কৰিব নোৱাৰিলে? এই বিষয়টোক লৈ প্ৰশ্ন তুলিছে বহুসংখ্যকেই। এছিয়াৰ দেশসমূহৰ ভিতৰত চলোৱা এই গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। এছিয়াৰ বিভিন্ন দেশত নৰ্দমা চফা কৰা যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছে কিন্তু ভাৰতত বৰ্তমানো সেই যন্ত্ৰর আমদানী হোৱা নাই।

প্ৰতি ৫ দিনৰ অন্তত ভাৰতত গড়ে এজন নৰ্দমা চফা কৰা লোকৰ মৃত্যু হয়। নৰ্দমাত সৃষ্টি হোৱা বিষাক্ত গেছ সহ্য কৰিব নোৱাৰিয়েই মৃত্যু হয় একোজন চুইপাৰৰ। সমীক্ষা অনুসৰি এবছৰত প্ৰায় ১৩০জন লোকৰ নৰ্দমা চফা কৰাৰ সময়ত নিৰ্গত গেছৰ বাবেই মৃত্যু হয়। দেশত এনেধৰণৰ মৃত্যুক কেন্দ্ৰ কৰি আদালতে বিশেষ নিৰ্দেশনা জাৰি কৰিছে যদিও আজিও দেশত অব্যাহত সেই একেই পুৰণি পদ্ধতি। আজিও নৰ্দমা চফা কৰাৰ বাবে দেশত কোনো যান্ত্ৰিক উপায় ব্যৱহৃত নহয়।

নৰ্দমা চফা কৰাৰ ক্ষেত্ৰত বেছিসংখ্যক দেশেই যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছে। ভাৰতক বাদ দি এছিয়াৰ বহুকেইখন দেশেই যন্ত্ৰৰ সহায় লোৱা আৰম্ভ কৰিছে। কিন্তু আমাৰ দেশত আজিও কিয় এই পৌৰাণিক পদ্ধতি লাঘু হৈ আছে এই লৈ প্ৰশ্ন তুলিছে একাংশ সচেতন ৰাইজে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme