1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:38 am

দীঘল দাঢ়িৰ দুজন লোকে সুধিছিল আম্বানীৰ ঘৰৰ ঠিকনা, আৰু তাৰপাছত…

  • Update Time : Monday, November 8, 2021

ডিজিটেল ডেস্কঃ সোমবাৰে দুপৰীয়াৰ ভাগত মুম্বাই পুলিছলৈ এটা ফোন আহিল৷ সেই ফোনকলটো ৰিচিভ কৰাৰ পাছতে সমগ্ৰ মুম্বাই প্ৰশাসনত এক প্ৰকাৰৰ হাঁহাকাৰ পৰিৱেশ৷ এজন টেক্সী চালকৰ পৰা মুম্বাই পুলিছলৈ আহিছিল সেই বিশেষ ফোনকলটো৷ ফোনকলটোত টেক্সী চালকজনে কৈছিল- দুজন মানুহ আহিছে, দুটা বেগ লৈ৷ তেওলোকে মোক সুধিছে মুকেশ আম্বানীৰ ঘৰ কত?

টেক্সী চালকজনৰ এই ফোনকলটো পোৱাৰ পাছতে বিজুলীবেগেৰে মুম্বাই আৰক্ষীৰ স্পেচিয়েল বান্স উপস্থিত হল মুকেশ আম্বানীৰ বাসগৃহৰ সন্মুখত৷ বৃদ্ধি কৰা হল সুৰক্ষা, মোতায়েন কৰা হল বিশেষ শাখাৰ প্ৰায় অৰ্ধশতাধিক জোৱান৷ সমান্তৰাল ভাৱে, মুম্বাই আৰক্ষীৰ বিভিন্ন বান্সে সেই লোকদুজনৰ সন্ধানত নামিল৷ থানালৈ মাতি পঠিওৱা হল ফোন কৰা টেক্সীচালকজন৷

টেক্সীচালকজনক আৰক্ষীয়ে সোধ-পোছ আৰম্ভ কৰিলে৷ আৰক্ষীক তেওঁ কলে- দুজন দাড়ি দীঘল মানুহে সুধিছিল মুকেশ আম্বানীৰ ঘৰৰ ঠিকনা৷ তেওঁলোকৰ সৈতে দুটা কলা বেগ আছিল৷ সন্দেহজনক যেন লাগিছিল বাবেই মই ফোন কৰিছিলো মুম্বাই আৰক্ষীৰ কট্ৰল ৰূমত৷

মুম্বাই আৰক্ষীয়ে সেই লোক দুজনৰ সন্ধানত সৰ্বশক্তিৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও সন্ধান উলিয়াব পৰা নাই সেই লোকদুজনৰ৷ উক্ত স্থানৰ চিচি টিভি ফুটেজ চাইছে যদিও সেই লোকদুজনৰ অৱস্থিতি কতোৱে ধৰা পৰা নাই৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুম্বাইৰ পৰা সেই লোকদুজন ওলাই যাব নোৱাৰে৷ তাৰ ব্যৱস্থা আমি কৰিছো৷ উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা মুকেশ আম্বানীৰ ঘৰৰ সুৰক্ষা পূৰ্বতকৈ বৃদ্ধি কৰা হৈছিল৷ বিশেষকৈ আম্বানীৰ ঘৰৰ সমীপত এখন বিস্ফোৰকভৰ্তি বাহন উদ্ধাৰ হোৱাৰে পৰা বৃদ্ধি কৰা হৈছিল নিৰাপত্তা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme