1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:45 pm

কালৰো কাল বিপৰীত কাল! বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে সুৰা পান…

  • Update Time : Thursday, March 24, 2022

ডিজিটেল ডেস্কঃ কোন দিশে নৱপ্ৰজন্ম ? ক’ৰনা সংক্ৰমণৰ ফলত বিগত দুটা বছৰ ধৰি বন্ধ হৈ আছিল স্কুল কলেজ৷ চলিত বৰ্ষত ক’ৰনা সংক্ৰমণ শিথিল হোৱাৰ বাবেই পুনৰ আৰম্ভ হৈছে পাঠদান৷ তামিলনাডুত কেইগৰাকীমান ছাত্ৰই সংঘটিত কৰে লজ্জাজনক ঘটনা৷ শেহতীয়াকৈ তামিলনাডুৰ চেঙ্গালপট্টু জিলাৰ চলন্ত স্কুল বাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সুৰা পান কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰা একাংশ ছাত্ৰ-ছাত্ৰী এই কৰ্ম-কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন লোকসকলক৷

খবৰ অনুসৰি ছ’চিয়েল মিডিয়াত আপলোড কৰা এই ভিডিঅ’টোত ছোৱালী আৰু ল’ৰাৰ এগৰাকীয়ে বীয়েৰৰ বটল এটা সেৱন কৰি থকা পৰিলক্ষিত হৈছে। বৰ্তমানৰ শিক্ষাৰ্থীসকল আমাৰ ভৱিষ্যত, এই সকল শিক্ষাৰ্থীৰ এনে আচৰণে একাংশলোকক চিন্তিত কৰি তুলিছে৷ তামিলনাডুৰ এগৰাকী জিলা শিক্ষা বিষয়াই জনোৱা অনুসৰি এই লজ্জাজনক ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান। অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পাছত, উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme