1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 6:56 am

শংকৰ সংঘ নিজৰ স্থিতিত অটলঃ গাহৰি, কুকুৰা পালনক কৰা নহয় কোনো দিন সমৰ্থন…

  • Update Time : Sunday, October 30, 2022

ডিজিটেল ডেস্কঃ বহু হাজাৰ টকা উপাৰ্জন হলেও শংকৰ সংঘই গাহৰি আৰু কুকুৰা ব্যৱসায় আৰু পোহা কাৰ্যক সমৰ্থন নকৰে। এই কথা স্পষ্ট কৰি দিলে সংঘৰ নেতৃত্বই। এনে  বিষয়ক লৈ সংঘক হেচাঁ নিদিবলৈও আহ্বান জনায় নেতৃত্বই।  যোৱা শনিবাৰে নগাঁৱত এখন সংবাদমেল সম্বোধন কৰি শংকৰদেৱ সংঘৰ নেতৃবৃন্দই কয়, সংঘই গাহৰি আৰু কুকুৰা পোহা কাৰ্যক যি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থৈছে সেয়া কেতিয়াও উঠাই নলয়।

ইফালে চকলং বিবাহক লৈ অব্যাহত থকা বিৰ্তকক লৈও কেন্দ্ৰীয় নেতৃবৃন্দই কয়- এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে বিশেষ কোনো ব্যৱস্থা লোৱা নাই। স্থানীয় সমিতিৰ এই সিদ্ধান্ত বিবেচনা কৰিব বুলিও কয় কেন্দ্ৰীয় নেতৃবৃন্দই।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme