এয়া অগ্নিপৰীক্ষাৰ সময়ঃ সঞ্জয় ৰাউটৰ চকুত আজি চকুপানী…
-
Update Time :
Thursday, June 30, 2022
- উদ্ধৱ থাকৰেৰ পদত্যাগৰ পাছতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ প্ৰতিক্ৰিয়া।
- একনাথ সিন্দেক বিশ্বাসঘাটক আখ্যা ৰাউটৰ।
- তেওঁ কয়- লগত থাকি পিঠিত চুৰি মৰা সকল প্ৰকৃত শিৱসৈনিক নহয়।
- এয়া অগ্নিপৰীক্ষাৰ সময়, অচিৰেই এই সময় নাইকিয়া হবঃ সঞ্জয় ৰাউট
- তেওঁ লগতে কয়- উদ্ধৱ থাকৰেই সংখ্যাবলক বিশ্বাস নকৰাৰ বাবেই শালীনতাৰে ত্যাগ কৰিছে মুখ্যমন্ত্ৰীৰ পদ।
- তেওঁৰ প্ৰতি মহাৰাষ্ট্ৰবাসী আৰু প্ৰতিজন শিৱ সৈনিকৰ শ্ৰদ্ধা তেওঁৰ প্ৰতি বৃদ্ধি কৰিলেঃ সঞ্জয় ৰাউট
- বিশ্বাসঘাটকৰ কেতিয়াও অন্ত নহয়, সময়ে তাৰ উত্তৰ দিবঃ সঞ্জয় ৰাউট
- এয়া হৈছে শিৱসেনাৰ প্ৰচণ্ড জয়ৰ আৰম্ভণি। আমি এতিয়াৰে পৰা লাঠিৰ কোব খাব পাৰো, জেললৈ যাব পাৰো। কিন্তু বালঠাকৰেৰ বিচাৰধাৰা সদায়েই জীয়াই ৰাখিম। কাৰন আমি প্ৰকৃত শিৱ সৈনিক। আৰু শিৱ সৈনিকৰ স্থিতি অলৰ-অচৰঃ সঞ্জয় ৰাউট
- এই সকলো দেখি ৰাউট আৱেগিক হৈ চকুত চকুপানী অহা বুলিও টুইট কৰিছে সাংসদ গৰাকীয়ে।
- উল্লেখ্য যে, বুধবাৰে মাজনিশা ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিছিল উদ্ধৱ থাকৰেই।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category