1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

অতি কমেও ৭বছৰ! যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে নেকি ডাঃ সংগীতা আৰু ৱালিউলৰ…

  • Update Time : Monday, May 8, 2023

ডিজিটেল ডেস্কঃ ভিতৰি দুটাকৈ শিশুক নৰপিশাচৰ দৰে ব্যৱহাৰ কৰি সমাজৰ আগত এখন বেলেগ ৰূপ লৈ ঘূৰি ফুৰা ডাঃ সংগীতা আৰু ডাঃ ৱালিউলৰ বেয়া দিন যেন আৰম্ভ হৈ গৈছে। সকলোৱে গৰিহনা দি কৈছে এয়া তেওলোকৰ বাবে বেয়া দিন নহয়, বৰঞ্চ কৰ্মফলহে ভোগ কৰিছে ডাঃ সংগীতা আৰু ৱালিউলে। ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে যে, কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ অসম আৰক্ষীয়ে সাজু কৰিছে সকলো তদন্ত প্ৰক্ৰিয়া।  সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলামৰ বিৰুদ্ধে পানী নসৰকা ছাৰ্জশ্বীট তৈয়াৰ কৰিব আৰক্ষীয়ে। দুয়োৰে বিৰুদ্ধে বিভিন্ন আইনৰ বাহিৰেও পকছ’ আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। এই  মন্তব্য DGP জি পি সিঙে এক সংবাদমেল যোগে সদৰি কৰিছে।

এতিয়া কথা হল, POSCOআইনত যোগেদি ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে কি শাস্তি পাব। যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২ চমুকৈ POSCO আইন অনুসৰি ৮ বছৰৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। এই আইনখনৰ জৰিয়তে অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে আৰু অপৰাধ কিমান গুৰুতৰ তাৰ ওপৰত ভিত্তি কৰি শাস্তিৰ পৰিমাণ নিৰ্ণয় হয়। শাস্তিসমূহৰ ভিতৰত ভিতৰত ম্যাদৰ সাধাৰণৰ পৰা কঠোৰ সশ্ৰম কাৰাদণ্ড ব্যৱস্থা কৰা হৈছে। আইনখনে অপৰাধীক জৰিমনা বিহাৰো বিধান দিছে আৰু এই ক্ষেত্ৰত আদালতে সিদ্ধান্ত লয়।

যদি শিশুৰ বাবে বিশ্বাসযোগ্য অথবা শিশুৰ কৰ্তৃত্ব ল’ব পৰা ব্যক্তিয়ে অপৰাধ সংঘটিত কৰে, তেন্তে সেই অপৰাধক ‘গুৰুত্বৰ’ হিচাপে গণ্য কৰা হয়। এনে লোকসকলৰ ভিতৰত আছে নিৰাপত্তাৰক্ষী বাহিনীসমূহৰ সদস্য, আৰক্ষী বিষয়া, জনসেৱক আদি। আইনখনে নিৰ্ধাৰণ কৰা শাস্তিৰ ব্যৱস্থাসমূহ হ’ল:

  • বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণ (৩ নং দফা)-কমেও সাত বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৪ নং দফা)
  • গুৰুত্বৰ বলপূৰ্বক অন্তৰ্গমনমূলক যৌন আক্ৰমণ (৫ নং দফা)-কমেও দহ বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৬ নং দফা)
  • যৌন আক্ৰমণ (৭ নং দফা)-কমেও তিনি বছৰৰ কাৰাদণ্ড, যি পাঁচ বছৰলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৮ নং দফা)
  • গুৰুতৰ যৌন আক্ৰমণ (৯ নং দফা)-কমেও পাঁচ বছৰৰ কাৰাদণ্ড, যি সাত বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা (১০ নং দফা)
  • শিশুক পৰ্ন’গ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ (১৩ নং দফা)- পাঁচ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা তথা পুনৰ দোষী সাব্যস্ত হ’লে সাত বছৰৰ কাৰাদণ্ড আৰু জৰিমনা (১৪ (১) নং দফা)

গতিকে এই সকলোবোৰ দিশলৈ চাই কব পাৰি যে, কমেও সাত বছৰৰ কাৰাদণ্ড ভুগিব পাৰে চিকিতসক দম্পত্তিয়ে। অৱশ্যে এতিয়ালৈকে আইনী সকলো দিশ পোহৰলৈ অহা নাই। চতুৰ এই চিকিতসক দম্পত্তীয়ে আগন্তুক সময়ত কি নাটকৰ জৰিয়তে এই সকলোবোৰৰ পৰা পৰিত্ৰাণৰ চেষ্টা চলায়, সেয়াও হব লক্ষ্যণীয়। অৱশ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰি কৰিছে যে, কঠোৰৰ পৰা কঠোৰ শাস্তিৰ বাবে অসম আৰক্ষী সাজু।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme