ডিজিটেল ডেস্কঃ ৪বছৰৰ মূৰত ছবিগৃহলৈ আহি ছুপাৰ হিট হিচাপে বিবেচিত হল পাঠান। মাত্ৰ দুটা দিনতে ছবিখনে উপাৰ্জন কৰিলে ৩০০কোটিৰো অধিক টকা। এয়া বলিউদ ছবিৰ বাবে এক বৃহত সাফল্য। বিগত প্ৰায় ৪বছৰ ধৰি বলিউদৰ খুউব কম সংখ্যকহে ছবি এনে হিচাপে বিবেচিত হৈছে। শ্বাহৰুখৰ এই পাঠান ছুপাৰহিট হোৱা আঁৰত কিছু পৰিমাণে হলেও উদগনি যোগাইছে ভাইজান চলমান খানে। ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলমান খানে তেওঁৰ অনুৰাগী সকলকো ছবিখনৰ বাবে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, পাঠানত প্ৰায় ৫মিনিটৰ বাবে অভিনয় কৰিছে চলমানে। এই অভিনয়ৰ বাবে এটকাও লোৱা নাই চলমানে। বন্ধু শ্বাহৰুখৰ স্বাৰ্থত এই অভিনয় ফ্ৰীকৈ কৰিছে চলমানে। সেয়া যি কি নহলেও এই ছবিখনত অভিনয়ৰ মাজেৰেও চলমানে আহিবলগীয়া ছবিৰ কথাও আওপকীয়াকৈ সকলোকে কৈ যায়। ইয়াৰোপৰি পাঠানৰ আৰম্ভণিতে দেখুওৱা হয় চলমানৰ আহিবলগীয়া ছবিখনৰ ট্ৰেইলাৰ।
আহিবলগীয়া ছবিৰ প্ৰচাৰৰ বাবেই হয়তো বিনামূলীয়াকৈ পাঠানত অভিনয় কৰিছে চলমানে। নহলে, ১মিনিটৰ বিজ্ঞাপনৰ বাবে কোটি টকা লোৱা চলমানে ৫মিনিটৰ অভিনয়ৰ বাবে এটকাও নোলোৱাকৈ থাকেনে!