1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 10:59 am

ভাইজান ছলমান খানলৈ মৃত্যুৰ ভাবুকি, কোনে পঠিয়াইছে ভাবুকি পত্ৰ?

  • Update Time : Monday, June 6, 2022

ডিজিটেল ডেস্কঃ সিদ্ধু মুছৱালাৰ হত্যাৰ পিছতেই এতিয়া হত্যাৰ ভাবুকি আহিছে ছলমান খানকৈ। চিঠিৰ যোগেদি হত্যৰ ভাবুকি দিয়া হৈছে ভাইজান ছলমানক। হত্যৰ ভাবুকিৰে দিয়া চিঠিখন পোৱাৰ পিছতেই কটকটীয়া কৰি তোলা হৈছে ভাইজানৰ নিৰাপত্তা।

দেওবাৰে প্ৰাতভ্ৰমণৰ বাবে ওলাই যাওঁতে ছলমান খানৰ পিতৃ ছেলিম খানৰ হাতত পৰিছে এই বিশেষ ভাবুকি পত্ৰ। অজ্ঞাত চক্ৰৰ পৰা পঠিওৱা এই চিঠিত ছলমান খান আৰু পিতৃ ছেলিম খানক দিয়া হৈছে হত্যাৰ ভাবুকি। ভাবুকি পত্ৰত পোনপটীয়াকৈ উল্লেখ কৰা হৈছে যে, সিদ্ধু মুছৱালাৰ দৰেই পৰিণতি হ’ব ছলমান খানৰো। এই ভাবুকি পত্ৰ পোৱাৰ পিছতেই ছেলিম খানে লগে লগে অজ্ঞাত চক্ৰটোৰ বিৰুদ্ধে বান্দ্ৰা থানাত দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে ২০১৮ চনতো ছলমানক দিয়া হৈছিল এনেধৰণৰ ভাবুকি পত্ৰ। লৰেঞ্চ বিষ্ণু নামৰ অজ্ঞাত কোনো লোকে দিছিল এই ভাবুকি। তাৰ পিছতেই এই বিষয়টোৱে কিছু ক্ষাম কাটিছিল যদিও পুনৰ ভাইজানলৈ ভাবুকি পত্ৰ প্ৰেৰণে চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে ছলমান অনুৰাগীকো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme