ডিজিটেল ডেস্কঃ গোলাঘাট-বোকাখাতৰ প্ৰায় সংখ্যক সংস্কৃতিক অনুষ্ঠানতে এজন গীটাৰ বাদকৰূপে দেখা পোৱা স্বভাৱজাত শিল্পী আছিল সাগৰ বুঢ়াগোহাঁই। আকস্মিক দুৰ্ঘটনাত হঠাতে হেৰাই গ’ল নুমলীগড়ৰ এইগৰাকী প্ৰতিভাৱান শিল্পীৰ। এনে এজন শিল্পীৰ মৃত্যুত স্বাভাৱিকতে ব্যথিত হৈছে প্ৰতিজনৰ হৃদয়।
গোলাঘাটৰ কমাৰগাঁৱত নিশা সংঘটিত হোৱা নৈশ বাছ আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় শিল্পী সাগৰ বুঢ়াগোহাঁই। কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট দিশৰ পৰা আহি থকা AR-01Q-5607 নৈশ চুপাৰখনে বিপৰীত দিশৰ পৰা আহি থকা AS-03T-4443 নম্বৰ বিলাসী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । আৰু থিতাতে নিহত হয় এইগৰাকী শিল্পীৰ।