1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:39 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ধাৰ লৈ লৈ পোত গ’ল ডিঙি লৈকে! অৱশেষত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে এৰিলে আসন…

  • Update Time : Monday, July 11, 2022
Sri Lanka's President Gotabaya Rajapaksa addresses the General Debate of the 76th Session of the United Nations General Assembly in New York City, U.S., September 22, 2021. Justin Lane/Pool via REUTERS

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছেই পদত্যাগৰ কথা সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। জনতাৰ ব্যাপক প্ৰতিবাদৰ সন্মুখত নতশিৰ হৈ নৌসেনাৰ জাহাজাৰে পলায়ন কৰা ৰাষ্ট্ৰপতিগৰাকী বৰ্তমান সেনাৰ এক চাউনীত আত্মগোপন কৰি আছে বুলি সদৰি কৰিছে সংবাদমাধ্যমে। উল্লেখ কৰা প্ৰয়োজন যে, দেশখনত অৰ্থনৈতিক কু-ব্যৱস্থাপনাৰ বিষয়লৈ কেইবা মাহজোৰা প্ৰতিবাদৰ অন্তত ৰাষ্ট্ৰপতি ৰাজাপাকছেৰ পদত্যাগৰ দাবীত ৰাজধানী কলম্বোত কিছুদিনৰে পৰা লাখ লাখ লোক সমবেত হৈছিল।

একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰে আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহত জুই লগাই দিয়ে। প্ৰধানমন্ত্ৰী ৰাণীল বিক্ৰমসিংঘেও পদত্যাগ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশখনৰ সংসদৰ অধ্যক্ষ মহিন্দা অভয়বৰ্ধনে কৈছে যে, ৰাষ্ট্ৰপতিয়ে ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে জনসাধাৰণক শান্তি আইন শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, দেশখনৰ মুদ্ৰা ভাণ্ডাৰ উদং হৈছে আৰু ব্যক্তিগত বাহনৰ বাবে প্ৰেট্ৰ’ল আৰু ডিজেলৰ বিক্ৰী নিষিদ্ধ কৰিবলগীয়া হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme