1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:31 pm

যুদ্ধ যদি হয় দীঘলীয়া, আপুনিও হ’ব দেউলীয়া…

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফল ভোগ কৰাৰ দিশে সমগ্ৰ বিশ্ব। ভাৰত তথা ইয়াৰ ৰাজ্যবোৰতো পৰিব ইয়াৰ প্ৰভাৱ।  যিমানে দিন বাগৰিছে সিমানে তীব্ৰ গতিত আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত হৈছেগৈ ১০৭ডলাৰ। আমেৰিকাৰ লগতে প্ৰায়বোৰ দেশত ইন্ধনৰ মূল্য ইতিমধ্যে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।  এইখিনিতে উল্লেখ কৰিব লাগিব যে, ভাৰতত বিগত কেইবামাহো ধৰি বৃদ্ধি হোৱা নাই ইন্ধনৰ মূল্য।  কিন্তু শেহতীয়া পৰিস্থিতিলৈ চাই ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

ইফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই ৮টা দিনৰ ভৰি দিলে। পেট্ৰল-ডিজেলৰ সমান্তৰাল ভাৱে ৰিফাইন তেলৰ মূল্যও সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে। কিয়নো ৰিফাইন তেলৰ উতপাদনৰ ক্ষেত্ৰত ইউক্ৰেইন আৰু ৰাছিয়া আগস্থানত আছে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme