1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:03 am

ডিজিটেল ডেস্কঃ ৰূপজ্যোতি কূৰ্মীয়ে ৰাজনীতি বাদ দিব! বিভিন্ন মন্তব্যৰে অসমৰ ৰাজনীতি গৰম কৰি থকা বিজেপিৰ বিধায়কগৰাকীয়ে ৰাজনীতি ত্যাগ কৰিব। কিন্তু কূৰ্মীয়ে ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ আঁৰত আছে কেইটামান বিশেষ চৰ্ত। সেই চৰ্তকেইটা হৈছে- আপ যদিহে আগন্তুক নিৰ্বাচনত অসমত জয়ী হয়, তেন্তে ৰাজনীতি ত্যাগ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে৷

এই কথা শেহতীয়াকৈ নিজেই ঘোষণা কৰিলে কূৰ্মীয়ে। কাজিৰঙাত এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণক লৈ তীব্ৰ কটাক্ষ কৰি কূৰ্মীয়ে কয়-  মহিলাৰ ওপৰত চকু দিয়াৰ বাবেই বহু লোকৰ ধ্বংস হোৱাৰ নজিৰ আছে। মহিলাক চকু দিয়াৰ বাবেই দুৰ্যোধন, ৰাৱনৰ যিদৰে পতন হৈছিল, ঠিক তেনেদৰে মহিলাৰ ওপৰত চকু দিয়াৰ বাবে কেজৰিৱালৰো ধ্বংস নিশ্চিত।

ধৰ্মৰ ওপৰত অগাধ বিশ্বাস আৰু অধ্যয়নৰ ওপৰত ভিত্তি কৰিছে বিধায়কগৰাকীয়ে এই কথা কোৱা বুলি কয়। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও কুৰ্মীয়ে কেজৰিৱালক ড্ৰামেবাজ মানুহ বুলি অভিহিত কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme