1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:16 pm

ৰাহুল গান্ধীয়ে এতিয়া ভেল্কীবাজি মাৰি লাভ নাইঃ ৰূপক শৰ্মা…

  • Update Time : Tuesday, July 11, 2023

ডিজিটেল সংবাদ, নগাঁওঃ কংগ্ৰেছৰ ৰাজকুমাৰ ৰাহুল গান্ধীয়ে পথাৰত কৃষকৰ লগত ধান ৰোৱাক লৈ নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কয়- ৰাহুল গান্ধীয়ে পথাৰত কৃষকৰ লগত ধান ৰুই দেখুৱাটো এটা নিৰ্বাচনী চমক। বিজেপিৰ সাংসদ আৰু বিধায়ক সকলে বিগত ৪/৯ বছৰ ধৰি ৰাইজৰ কাম কৰি আহিছে। ৰাইজে সকলো দেখিছে এতিয়া আৰু এইবোৰ ভেল্কীবাজি মাৰি লাভ নাই।

আনহাতে সমষ্টি পুনঃ নিৰ্ধাৰণৰ ওপৰত বিধায়ক ৰূপক শর্মায়ে মন্তব্য কৰে যে- সমষ্টি পুনঃ নিৰ্ধাৰণ হৈছে নিৰ্বাচনী আয়োগৰ বস্তু। নিৰ্বাচনী আয়োগে কৰা সমষ্টি পুনঃ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ভাল হৈছে। মোৰ সমষ্টিৰেই বহু মৌজা কৰ্তন হৈছে। মোক মৰম আৰু আশীৰ্বাদ কৰা পাখিমৰিয়া আৰু খাগৰীজান মৌজা দুইটায়ে নাইকিয়া হল। সমষ্টি পুনঃ নিৰ্ধাৰণ অসমৰ ভৱিষ্যতৰ আৰু থলুৱা ৰাইজৰ ভালৰ বাবেই হৈছে।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকো কটু সমালোচনা কৰে।তেওঁ কয়-  এটা সময়ত নগাঁৱৰ ৰাইজে সাংসদ প্ৰদ্যুৎ বৰদলৈক বিচাৰি বেনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদেশ বুলি বেনাৰ মাৰিছিল। ক’ভিড আৰু বানপানীৰ সময়ত নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীক ৰাইজে কাষত পোৱা নাছিল। নিৰ্বাচনী প্ৰচাৰৰ বাবেই সাংসদ গৰাকীয়ে নগাঁৱৰ আহ্বান আৰু নগাঁৱৰ সমিধান বুলি কায্যসূচী কৰিছিল। সাংসদ গৰাকীৰ শ্ল’গান এতিয়া তেওঁৰেই কামত দিছে।

সাংসদ বৰদলৈক কটাক্ষ কৰি তেওঁ কয়-  নগাঁৱৰ ৰাইজে ৪ বছৰে শুই থকা এগৰাকী সাংসদক দেখিলে। বৰ্তমান সাংসদ গৰাকীয়ে নিৰ্বাচন অহাৰ বাবে নিৰ্বাচনীক কেন্দ্ৰিক জনপ্ৰিয়তাৰ বাবে কিছুমান প্ৰচাৰ কেন্দ্ৰিক কাম কৰিব বিচাৰি আছে। সেয়েহে নগাঁৱৰ ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত আহ্বান কৰিছে যে নগাঁৱৰ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰস্থান। উলেখ্য যে মংগল বাৰে নগাঁৱৰ সমবায় বিভাগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে। সমবায় বিভাগে অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত আছিল সমবায় মন্ত্ৰী নন্দিতা গার্লোছা আৰু নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme