1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

কি যে হ’বঃ বিজ্ঞানৰ আগতেই ফাদিল হৈছিল গণিতৰ প্ৰশ্নকাকত, ছাত্ৰই নকলত লিখি নিছিল উত্তৰ…

  • Update Time : Tuesday, March 14, 2023

ডিজিটেল ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ তদন্তকাৰী আৰক্ষীৰ দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে তদন্ত। শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰি কৰা অনুসৰি এতিয়ালৈকে কেইবাখনো জিলাৰ পৰা মুঠ ২২গৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষীৰ দলে। এনে প্ৰেক্ষাপটৰ মাজতে আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।

কেৱল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱা নাছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ক প্ৰশ্ন কাকতো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল। ধেমাজিৰ এজন ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক। উল্লেখযোগ্য যে, এই ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক বহিষ্কাৰ কৰা হৈছিল। সেই বহিষ্কৃত ছাত্ৰজনৰ স্বীকাৰোক্তি মতে তেওঁ পেৰেণ্টছ নামৰ এটা হোৱাটছএপ গ্ৰুপৰ পৰা গণিত বিষয়ক প্ৰশ্ন কাকতৰ কেইটামান প্ৰশ্ন লাভ কৰিছিল। মুঠ ৫০ নম্বৰৰ প্ৰশ্ন আছিল তাত। সেই প্ৰশ্ন বোৰৰ ভিতৰত ৪৫ নম্বৰেই মিলি গৈছিল। এই ছাত্ৰ জনৰ স্বীকাৰোক্তিয়ে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme