1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 11:58 pm

ৰোহিত শৰ্মাই নাক ভাঙিলে গেলাৰীত বহি থকা দৰ্শকৰ…

  • Update Time : Sunday, March 13, 2022

ডিজিটেল ডেস্কঃ  ক্ৰিকেট খেলৰ সময়ত গেলাৰীৰ দৰ্শকে আঘাত পোৱা ঘটনা পূৰ্বেও ঘটিছে। পূৰ্বতে ক্ৰিছ গেইল, মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলীৰ দৰে খেলুৱৈৰ প্ৰচন্দ কোৱৰ বলত আঘাতপ্ৰাপ্ত হৈছিল বহুলোক। যেতিয়া বিশাল ছয় কোবোৱাৰ সময়ত বল যেতিয়া গেলাৰীলৈ আহে তেতিয়া দৰ্শকসকলে অনুমান কৰিব নোৱাৰে বলৰ প্ৰকৃত গতি আৰু যাৰ ফলত সংঘটিত হয় অঘটন।

বেংগালুৰুত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ খেলৰ মাজতেই ঘটিল এই অঘটন৷ প্ৰথম ইনিংছৰ আৰম্ভণিতে ছয় কোবালে অধিনায়ক ৰোহিত শৰ্মাই। আৰু বল গৈ পৰিল দৰ্শকৰ মাজত, সেই বলৰ আঘাতত নাক ভাঙিল এজন দৰ্শকৰ। লোকজনক লগে লগে লৈ যোৱা হয় হাস্পতাললৈ। শ্ৰীলংকাৰ ফাৰ্ণাণ্ডোৰ বল ডিপ মিড উইকেটৰ ওপৰেৰে মাৰি পঠিয়ায় ৰোহিত শৰ্মাই। সেই বল গৈ এজন দৰ্শকৰ নাকত লগি আঘাতপ্ৰাপ্ত হয়। যাৰফলত লোকজনৰ নাকৰ পৰা তেজ ওলাবলৈ ধৰে।

লগে লগে ব্যক্তিগৰাকীক হাস্পতাললৈ লৈ যোৱা হয়। ২২ বছৰীয়া যুৱকজনৰ নাকত বল লগাৰ ফলত নাকৰ ওপৰৰ অংশ ফাটি গৈছে আৰু নাকৰ হাড় ভাঙি গৈছে। ৰোহিত শৰ্মাই ফাৰ্ণাণ্ডোৰ বলত বিশাল ছয় কোবালেও মেচখনত বৃহৎ স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল এইগৰাকী অধিনায়কে। ২৫ বলত মাত্ৰ ১৫ ৰানতে সীমাবদ্ধ থাকে ৰোহিত শৰ্মাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme