1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

ৰিতু ৰিবাক পাৰিলেও জেটছেন দোহনা লামাক নোৱাৰিলে…

  • Update Time : Monday, January 23, 2023

ডিজিটেল ডেস্কঃ ৰিতু ৰিবাক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্বৰ পৰা বাহিৰ কৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল উত্তৰ-পূবৰ আন এগৰাকী কণমানি। সা ৰে গা মা পাৰ লিটিল ছেম্পছৰ নৱম সংস্কৰণত খিতাপ জয় কৰিলে ছিকিমৰ কণমাণি জেটছেন দোহনা লামাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ফাইনেলত জয়ৰ খিতাপ অৰ্জন কৰে, ছিকিমৰ এই কণমাণিজনীয়ে।

জেটছেন দোহনা লামাৰ জয়ৰ পাছতে এতিয়া সমগ্ৰ উত্তৰ পূবত আনন্দৰ বন্যা বৈছে। ফাইনেলত জয়ী হিচাপে জেটছেন দোহনা লামাই লাভ কৰিছে এখন বাহনৰ লগতে ১০লাখ টকাৰ পুৰস্কাৰ। ইয়াৰ লগতে জেটছেন দোহনা লামাই লাভ কৰিব ভৱিষ্যতৰ বাবে এটা এলবামত গান গোৱাৰ সুবিধা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme