1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

নিজৰ আছে ৭৫৫কোটিৰ সম্পত্তি, জোৱায়েঁক প্ৰধানমন্ত্ৰীঃ তথাপিও মাটিত বহি বনাইছে কি…

  • Update Time : Tuesday, June 13, 2023

ডিজিটেল ডেস্কঃ শিপাক খামুচি ৰদ আঁকোৱালি লব পৰা জনেহে সফলতা আজুৰিব পাৰে বুলি অসমীয়াত এষাৰ কথা আছে। এই কথাষাৰেই সচাঁ প্ৰমাণিত হল। ধন-সম্পত্তি থাকিল বুলিয়েই সমাজৰ একাংশই মানুহ চিনি নোপোৱা হৈ যায় যদিও ভাৰতৰে এগৰাকী ধণাঢ্য মহিলাই সকলোকে বুজাই দিলে যে, ধন সম্পত্তি গৌণ, মানুহ হিচাপে জীয়াই থকাটোহে আঁচল আৰু মুখ্য কথা।

তলৰ এই ফটোখন চাওঁক-

ফটোখন চাই ছাগে আপুনি ভাৱিছে যে, এইগৰাকী বৃদ্ধা এগৰাকী সাধাৰণ মহিলা। কিন্তু আপুনি যদি এনেদৰে ভাৱিছে, তেন্তে ভুল!  বিশ্বৰ আগশাৰী কোম্পানী Infosys ৰ অন্যতম সংস্থাপক সুধা মূৰ্তি তেঁও।যাৰ জোৱায়েক বৰ্তমান ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি চুনাক।দেশৰ অন্যতম এগৰাকী ধনী মহিলা তেঁও।

প্ৰায় ৭৭৫ কোটি টকা সম্পত্তিৰ গৰাকী।থীৰুৱান্তাপুৰমৰ এটা মন্দিৰত বহু মহিলাৰ মাজত মন্দিৰৰ চৌপাশতে মাটিত বহি ‘পোংগল’ নামৰ এটা উৎসৱৰ বাবে প্ৰসাদ তৈয়াৰ কৰি আছিল এইদৰে।

কোনো মহিলাই তেঁওক ধৰিবই নোৱাৰিলে যে Infosys দৰে এটা বৃহৎ প্ৰতিষ্ঠানৰ মালিকে তেঁও লোকৰ কাষত বহি সাধাৰণ মানুহৰ দৰে পূজাৰ খাদ্য ৰান্ধি আছে।’পদ্মশ্ৰী’,’পদ্মভূষণ’ ৰে সন্মানীত সুধা মূৰ্তি এগৰাকী শিক্ষাবিদ,লিখক,চিন্তাবিদো।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, জনপ্ৰিয় বিস্কুট পাৰলে-জিৰ সেই সৰু ছোৱালীজনীয়েই এতিয়াৰ সুধা মূৰ্তি বুলি বহুতে কব খোজে। নেটিজেনৰ লগতে ডিজিটেল জগততো এই চৰ্চা তুংগত। শেহতীয়াকৈ এই ফটোখন ভাইৰেল হোৱাৰ পাছতো এই চৰ্চা পুনৰ তীব্ৰ হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme