ডিজিটেল ডেস্কঃ অৱশেষত পিপিই কিট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পত্নী ৰিণিকি ভূঞা শৰ্মাই কোনোধৰণৰ কেলেংকাৰী কৰা নাই বুলি টুইটযোগে দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰিণিকি ভূঞা শৰ্মাই কোনোধৰণৰ ধন পিপিই কিটৰ বিনিময়ত গ্ৰহণ কৰা নাই বুলি মন্তব্যত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা দাঙি ধৰি লিখিছে,‘দেশত যেতিয়া মহামাৰীয়ে দেখা দিছিল সেই দুৰ্বিসহ সময়ত অসমো বিধ্বস্ত হৈ পৰিছিল৷ সেই সময়ত দেশৰ লগতে অসমতো তীব্ৰভাৱে পিপিই কিটৰ নাটনিয়ে দেখা দিছিল৷ এক কথাত ৰাজ্যত পিপিই কিটেই নাছিল৷ তেতিয়াই মোৰ পত্নী ৰিণিকি আগবাঢ়ি আহিল৷ তেওঁ চৰকাৰলৈ ডেৰ হেজাৰ পিপিই কিট দান কৰিলে৷ জনসাধাৰণৰ প্ৰাণৰক্ষাৰ বাবেই তেওঁ এই পিপিই কিট দান কৰিছিল৷ তাৰ বিনিময়ত ৰিণিকি ভূঞা শৰ্মাই এটকাও লোৱা নাই৷’