ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ জ বাইডেনৰ পত্নী ডাঃ জিল বাইডেনক উপহাৰ দিয়া হীৰাৰ আঙুঠিটোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। প্ৰধানমন্ত্ৰী গৰাকীয়ে উপহাৰ দিয়া এই হীৰাৰ আঙুঠিটো এলাপচা বা সাধাৰণ হীৰাৰ আঙুঠিৰ সৈতে তুলনা নহয়। প্ৰকৃতিৰ সৈতে বহনক্ষম এই হীৰাৰ আঙুতিটো প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াও বহু দীঘলীয়া।
দেখাত সাধাৰণ হীৰা আৰু এই হীৰাৰ আঙুঠিৰ মাজত কোনো পাৰ্থক্য নাথাকিলেও এটা সাধাৰণ হীৰাৰ আঙুঠি সচৰাচৰ যিবোৰ কেমিকেল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, এই হীৰাৰ আঙুঠিটো প্ৰস্তুত কৰোতে তেনে কোনো কেমিকেল ব্যৱহাৰ কৰা নহয়। সাধাৰণে এনে দুলৰ্ভ হীৰা লাখ লাখ বছৰ ভূগৰ্ভত থকাৰ পাছতে উলিয়াই অনা হয়। বিশুদ্ধ কাৰ্বনেৰে নিৰ্মিত এই নীলা হীৰা আৰু সাধাৰণ হীৰাৰ মাজত পাৰ্থক্য হল নীলা হীৰাত নাইট্ৰজেন নাথাকে।
এতিয়া আহিছো এই আঙুঠিটোৰ মূল্যৰ কথালৈ। দুৰ্লভ এই আঙুঠিটো বিশ্বৰ বচা বচা কিছু লোকৰ আঙুলিতহে আপুনি দেখিবলৈ পাব। এই নীলা হীৰাৰ ১কেৰেটৰ দাম ৩-৪লাখ টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উপহাৰ দিয়া নীলা হীৰাৰ আঙুঠিটো আছিল ৭.৫কেৰেটৰ। ১কেৰেটত ৩লাখ টকাকৈ ধৰিলে সেই আঙুঠিটোৰ দাম হব প্ৰায় ২২.৫লাখ টকা।