ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত বিবাহ পাশত আৱদ্ধ হল মোহময়ী অভিনেত্ৰী ৰিম্পী দাস। প্ৰেম নকৰো, বিয়া নহও বুলি ভাৱি থকা ৰিম্পীক বিয়া কৰোৱাই আজীৱন সুখত ৰখাৰ প্ৰতিশ্ৰুতি দিলে বিনয় তালুকদাৰে। যোৱা ৩ মে’ ২০২৩ত বিবাহ সম্পন্ন হয় ৰিম্পী দাসৰ। পেছাত ব্যৱসায়ী বিনয় তালুকদাৰৰ সৈতে গুৱাহাটীৰ গেমছ ভিলেজত আজি সম্পন্ন হয় এই বিবাহ অনুষ্ঠান।
বিয়াৰ বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে কয়, “অভিনয় কেতিয়াও নেৰো, এনেকুৱা এখন ঘৰ পাইছো, মোৰ কেতিয়াও অনুভৱ নহ’ব যে মই এইখন ঘৰ এৰি অন্য এখন ঘৰলৈ গৈছো।” আনহাতে বিয়াৰ পিছত ৰিম্পীৰ পৰিকল্পনাৰ বিষয়েও সদৰি কৰে। আঠমঙলাৰ পাছত গোগামুখত বিহু অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি কয় ৰিম্পীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, ৩ মেত ৰিম্পীৰ বিয়াৰ দিনা বহু জনপ্ৰিয় শিল্পীক একেলগে দেখা গৈছিল। অনুৰাগী, শিল্পী, সাহিত্যিক, নেতাৰ পৰা পৰিয়ালৰ আত্মীয় স্বজনৰ লগতে বন্ধু বৰ্গই ভিৰ কৰিছিলহি বিয়াঘৰৰ ৰভাতলি