ডিজিটেল ডেস্কঃ দেৰিকৈ হলেও মনৰ মানুহজনক বিচাৰি পালে অভিনেত্ৰী ৰিম্পী দাসে। বিয়া কেতিয়া বুলি ব্যতিব্যস্ত কৰি ৰিম্পীক অসুবিধা দিয়াসকলক ৰিম্পীয়ে দিলে উত্তৰ। ৰিম্পীৰ মনৰ মানুহজনৰ নাম বিনয়। উপাধি লিখে তালুকদাৰ। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই বিনয় আৰু ৰিম্পীৰ বিয়া নিশ্চিত।
৩৮বছৰীয়া ৰিম্পীৰ বিয়াৰ খবৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া নেটিজেন সকলেও জানিব বিচাৰিছে বিনয় তালুকদাৰ আচলতে কোন। প্ৰাপ্ত খবৰ অনুসৰি, বিনয় তালুকদাৰৰ সৈতে ৰিম্পীৰ প্ৰেম দীৰ্ঘদিনীয়া। কিন্তু লোকচক্ষুৰ পৰা আৰঁত ৰাখিছিল তেওঁলোকৰ সম্পৰ্ক।
শেহতীয়াকৈ বিনয় তালুকদাৰে ৰিম্পী আৰু তেওঁৰ ফটো এখন ইষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আৰু লিখিছে- অচিৰেই আমি এক হম। ইফালে ৰিম্পী দাসে এতিয়াও এই সম্পৰ্ক মুকলি কৰা নাই।
সেয়া যি কি নহলেও, বিনয় তালুকদাৰ পেছাত এগৰাকী উদ্যোগী। বহিঃৰাজ্যত পঢ়াশুনা কৰা বিনয় তালুকদাৰ গুৱাহাটীৰে বাসিন্দা।