ডিজিটেল ডেস্কঃ মই তোমাক ভাল পাও অৰ্থাত I LOVE YOU বুলি ক’লেই প্ৰেমিক নাইবা প্ৰেমিকাক শাস্তি বিহা হ’ব। এই শাস্তি এলা-পচা নহয়, মৃত্যুদণ্ডৰ দৰে শাস্তি বিহা হ’ব প্ৰেমিক প্ৰেমিকাক। শুনি আচৰিত যেন লাগিলেও এই কথা মিছা নহয়। স্বয়ং ৰাষ্ট্ৰপ্ৰধানে এইদৰে এই বিষয়ক লৈ কৰিলে এনে ভয়ংকৰ ঘোষণা।
দেশখনৰ নাম ক’লে হয়তো আপুনিও বিশ্বাস কৰিব। কাৰণ এই দেশখনত এনে ঘোষণা কৰাতো কোনো আচৰিত কথা নহয়। দেশখনৰ নাম হৈছে উত্তৰ কোৰিয়া। শেহতীয়াকৈ চীনৰ সংবাদ পত্ৰ South China Morning Postত প্ৰকাশ পাইছে উত্তৰ কোৰিয়াৰ এই ভয়ংকৰ সিদ্ধান্তৰ কথা। সংবাদপত্ৰখনত প্ৰকাশিত খবৰ অনুসৰি, আই লাভ ইউ বুলি কলে বিশেষ আইনৰ অধীনত এগৰাকী প্ৰেমিক-প্ৰেমিকাক যাৱজ্জীৱন জেইলত বন্দী কৰি থোৱাৰ লগতে মৃত্যুদণ্ডৰ দৰে ভয়ংকৰ শাস্তি বিহা হ’ব।
কিম জং ইউে শাসন কৰা এই দেশখনত এনে ধৰণৰ সিদ্ধান্তক লৈ বিশ্ববাসী বিশেষ আচৰিত হোৱা নাই, কিয়নো একস্ৰত্ৰী শাসক কিম জঙে মনত যি আহে তাকেই দেশৰ শাসনত ব্যৱহাৰ কৰে। আচৰিত হবলগীয়া কথাটো হ’ল যে, কিম জঙৰ এই সিদ্ধান্তক দেশখনৰ একাংশ বুদ্ধিজীৱিয়েও পুৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে দেশৰ হিতৰ বাবে শাসকে এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে।