ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অল ৰাউণ্ডাৰ ক্ৰুনাল পাণ্ডিয়াই আই পি এলত এনে এক ‘অনন্য অভিলেখ’ সৃষ্টি কৰিছে, যিটো কোনেও সপোনতো কল্পনাও কৰিব নোৱাৰে। আপোনালোকক কওঁ যে ২০২৫ চনৰ
৩ জুন তাৰিখটো ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বাবে এক ঐতিহাসিক দিন হিচাপে প্ৰমাণিত হৈছিল আৰু ১৭ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰিছিল। ২০২৫ চনৰ আই পি এলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) পঞ্জাব কিংছ (পি বি কে এছ)ক ৬ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) খিতাপ জয়ৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী
ষ্টেডিয়ামত দীপাৱলীৰ দৰে পৰিৱেশৰ সৃষ্টি হয়।
পঞ্জাৱ কিংছ (পিবিকেএছ)ৰ বিৰুদ্ধে আইপিএল ২০২৫ৰ অন্তিমখন খেলত জয়লাভ কৰাৰ ক্ষেত্ৰত ক্ৰুনাল পাণ্ডিয়াই ডাঙৰ ভূমিকা পালন কৰিছে। পাঞ্জাব কিংছ (পিবিকেএছ)ৰ বিৰুদ্ধে অন্তিমখন খেলত মাৰাত্মক বলিং কৰি ক্ৰুনাল পাণ্ডিয়াই ৪ অভাৰত ১৭ ৰানত ২টা উইকেট দখল কৰে। এই চূড়ান্ত খেলখনত ক্ৰুনাল পাণ্ডিয়াক ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ সৈতে ক্ৰুনাল পাণ্ডিয়াই আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে অভিলেখ গঢ়িবলৈ সক্ষম হয়, যিটো কোনেও সপোনতো ভাবিব নোৱাৰে।
আই পি এলৰ ইতিহাসত ক্ৰুনাল পাণ্ডিয়াই দুবাৰকৈ চূড়ান্ত মেচত ‘মেন অৱ দ্য মেচ’ নিৰ্বাচিত হোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ২০১৭ চনৰ ২১ মে’ত ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ বিৰুদ্ধে খেলা আই পি এলৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছক জয়ৰ দিশত আগুৱাই লৈ গৈছিল।তাৰ পিছত মুম্বাই ইণ্ডিয়ানছে তৃতীয়টো আই পি এল ট্ৰফী লাভ কৰিছিল। সেই মেচত ক্ৰুনাল পাণ্ডিয়াকো ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হৈছিল। সেই মেচত ক্ৰুনাল পাণ্ডিয়াই ৩৮টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৪ অভাৰত ৩১ ৰান দি বলিং কৰে। এই চূড়ান্ত খেলখনত মুম্বাই ইণ্ডিয়ানছে ১ ৰানত জয়লাভ কৰে।
আই পি এল ২০২৫ৰ ফাইনেলত ক্ৰুনাল পাণ্ডিয়াই বেটখনেৰে বিশেষ একো কৰিব নোৱাৰিলে যদিও বলৰ সৈতে আৰ চি বিৰ হৈ তাৰকা প্ৰদৰ্শন কৰে। ক্ৰুনাল পাণ্ডিয়াই উজ্জ্বল বলিং কৰি ৪ অভাৰত ১৭ ৰানত ২ উইকেট দখল কৰে। প্ৰভসিমৰন সিং আৰু জোছ ইংলিছৰ ডাঙৰ ডাঙৰ উইকেট দখল কৰে ক্ৰুনাল পাণ্ডিয়াই। বিশেষকৈ ইংলিছৰ উইকেটে খেলখন ঘূৰাই দিলে আৰু অৱশেষত ২৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল। ক্ৰুনাল পাণ্ড্যাৰ কৃপাত আৰ চি বিয়ে আই পি এল ২০২৫ৰ ফাইনেলত পঞ্জাব কিংছ (পি বি কে এছ)ক পৰাস্ত কৰি প্ৰথম খিতাপ দখল কৰে।