1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:52 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৰাজ্য‌ত প্ৰথমবাৰলৈ ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ…

  • Update Time : Friday, April 8, 2022

ডিজিটেল ডেস্কঃ ৰাজ্য জোকাৰি যোৱা অভয়াকুটি হত্যাকাণ্ডৰ ৰায়দান। পোনপ্ৰথমবাৰৰ বাবে ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ। তিনিটাকৈ ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ কোকৰাঝাৰ আদালতৰ। আদালতৰ ৰায়দানৰ পিছতেই পুনৰ এবাৰ চৰ্চাৰ আওতালৈ আহিছে অভয়কুটিৰ বৰ্বৰ ঘটনাটো।

বিগত বৰ্ষৰেই ১০ জুনত হৈছিল এই হত্যাকাণ্ডটো। দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যাতেই ক্ষান্ত নাথাকি ওলোমাই থৈ গৈছিল এই তিনি পাষণ্ডই। এদিন পিছত অৰ্থাৎ ১১ জুনত গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দুটি মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতেই ১২ জুনৰ পৰা আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত। কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বতেই হৈছিল তদন্ত। পানেছাৰৰ নেতৃত্বতেই বিশেষ তদন্ত সমিতি এছআইটিও গঠন হয়। ভুক্তভোগী পৰিয়ালকেইটিৰ খবৰ লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হয় কোকৰাঝাৰত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই ক্ষীপ্ৰতাৰে আৰম্ভ হয় আৰক্ষীৰ তদন্ত। তদন্তত আৰক্ষীৰ হাতত পৰে এই তিনি অপৰাধী ক্ৰমে মুজাম্মিল শ্বেখ, নছিবুল আলি শ্বেখ আৰু ফৰিজুল ৰহমান। তিনি অপৰাধীক গ্ৰেপ্তাৰৰ পিছতেই আৰম্ভ আদালতৰ বিচাৰ প্ৰক্ৰিয়াও। ন্যায়ৰ অপেক্ষাত ৰৈ থকা ভুক্তভোগীৰ পৰিয়াললৈ ভাল খবৰটো আহিল। শুকুৰবাবে অপেক্ষাৰ অন্ত পেলাই কোকৰাঝাৰ আদালতে প্ৰদান কৰিলে ৰায়। গোচৰ নং ৪৪০/২০২১ৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ডি), ৩৭৬(ডিএ), ১২০(বি), ৩০২(এ১, এ২ , এ৩) ধাৰাৰ অধীনত অধীনত আদালতে দোষী সাব্যস্ত কৰিছে তিনি ধৰ্ষণকাৰীক। আদালতে শুনানিত তিনিও ধৰ্ষণকাৰীকেই দিছে মৃত্যুদণ্ডৰ ৰায়।

আদালতৰ ৰায়ৰ পিছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰো মন্তব্য‌। আইনৰ উৰ্ধত কোনো নহয়। দোষ কৰিলে উপযুক্ত শাস্তি পাবই। শাস্তি ঘোষণাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত বহুতেই তুলিছে প্ৰশ্ন। ৰাষ্ট্ৰপতিয়ে যদি ক্ষমাদান দৰে তেন্তে পুনৰ এবাৰ হাৰি যাব নেকি এই তিনি অপৰাধী? অৱশ্যে প্ৰায়সংখ্যকেই আদালতৰ ৰায়দানক লৈ সুখী হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme