1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:38 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বাজেট ৩০০কোটিঃ হলিউদী ষ্টাইলত আহি আছে শক্তিমান…

  • Update Time : Thursday, June 8, 2023

ডিজিটেল ডেস্কঃ আপুনিও ছাগে শক্তিমান চাইছিল। শক্তিমান কেৱল এখন ধাৰাবাহিক নাছিল, শক্তিমানত সোমাই আছিল বহুতৰ আৱেগ আৰু বহুতৰ শৈশৱৰ মধুৰ স্মৃতি। ভাৰতীয় টেলিভিশ্যন জগতত ৰেকৰ্ড সৃষ্টি কৰিছিল শক্তিমানে। সৰ্বাধিক টি আৰ পি লাভ কৰা ধাৰাবাহিক হিচাপেও অভিলেখ আছে শক্তিমানৰ নামত। আপুনি মই শৈশৱত উপভোগ কৰা শক্তিমান আছিল ডাঙৰ পৰ্দাত। এই কথা ঘোষণা কৰিলে মুকেশ খান্নাই।

শক্তিমানৰ ভাৱত অভিনয় কৰা মুকেশ খান্নাৰ হাততেই আছে শক্তিমান ধাৰাবাহিক কপিৰাইট। আৰু সেই মুকেশ খান্নাই ঘোষণা কৰিছে যে, অচিৰেই বিগ বাজেট লৈ এই ছবিখনৰ কাম আৰম্ভ হব। মুকেশ খান্নাই সদৰি কৰা অনুসৰি এই ছবিখনৰ বাজেট হব ২০০ৰ পৰা ৩০০কোটি টকা। ছবিখন নিৰ্মাণৰ দায়িত্ব লৈছে স্পেডাৰ মেনৰ দৰে ছবি নিৰ্মাণ কৰা ছনি পিকৰ্ছাছে। ইতিমধ্যে দুয়োপক্ষৰ মাজত চুক্তি সমাপন হোৱাৰ কথা ঘোষণা কৰিছে মুকেশ খান্নাই।

এই ছবিখনত অভিনয়ৰ বাবে বলিউদ অভিনেতা ৰণবীৰ সিঙৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলিছে। সকলো ঠিকে-ঠাকে থাকিলে ৰণবীৰ সিঙকেই দেখা যাব শক্তিমানৰ ওপৰত। নিৰ্মাতা সংস্থাই শক্তিমানৰ অভিনেতা-অভিনেত্ৰীসকলৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা নকৰে বুলি মুকেশ খান্নাই সদৰি কৰিছে। শ্বুটিঙৰ শেষতহে এই সকলোবোৰ আনুষ্ঠানিক কৰা হব বুলি কয় মুকেশ খান্নাই।

ইফালে এই ছবিখনক লৈ ভাৰতৰ লগতে বিদেশৰ অনুৰাগীসকলো অধীৰ আগ্ৰহেৰে ৰৈ থকাৰ কথা মুকেশ খান্নাই প্ৰকাশ কৰে। অচিৰেই ছবিখনৰ নিৰ্মাতা সংস্থা আৰু পৰিচালনা গোষ্ঠীয়ে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰাৰ কথাও সদৰি কৰিছে তেওঁ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme