ডিজিটেল ডেস্কঃ পেপাৰ মেগাজিনৰ বাবে ফটোশ্বুট কৰি একাংশ লোকৰ সমালোচনাৰ সন্মুখীন হৈ বিগত দিনকেইটাত ছচিয়েল মিডিয়াত বাৰুকৈয়ে ট্ৰলৰ সন্মুখীন হৈছে অভিনেতা ৰণবীৰ সিং (Ranveer Singh) । ইতিমধ্যে মহিলাৰ আৱেগত আঘাত সনা বুলি দেশৰ ভিন্ন প্ৰান্তত গোচৰো ৰুজু হৈছে ৰণবীৰৰ বিৰুদ্ধে। শেহতীয়াকৈ ৰণবীৰৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এটা স্বেচ্চাসেৱী সংগঠনে এক ব্যক্তিক্ৰমী ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গল। ৰণবীৰৰ উক্ত ফটোৰ পোষ্টাৰ লগাই এটা বক্স প্ৰস্তুত কৰি দি তাত ৰণবীৰৰ বাবে কাপোৰ দান কৰিবলৈ মানুহক অনুৰোধ কৰিছে। উক্ত পোষ্টাৰত হিন্দীত লিখা হৈছে- मानसिक कछरा।
উল্লেখ কৰা প্ৰয়োজন যে, ৰণবীৰৰ এই ফটোশ্বুট বিৰ্তকক লৈ ইতিমধ্যে পত্নী দিপীকাইও মত প্ৰকাশ কৰিছে। ফটোবোৰ ধুনীয়া লাগিছে বুলি মন্তব্য কৰি দিপীকাই স্বামীক সমৰ্থন কৰাৰ পিছতে একাংশই দিপীকাকো কটাক্ষ কৰিছিল। সেয়া যি কি নহলেও, ইন্দোৰৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সাব্যস্ত কৰা প্ৰতিবাদে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।