ডিজিটেল ডেস্কঃ বলিউদত এতিয়া চলিছে কেৱল বিয়াৰ চৰ্চা। আগন্তুক ২০২২ত কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক দিব অন্য এক ৰূপ। বৰ্তমান চৰ্চাত থকা কেটৰিণা আৰু বিকিৰ বিয়াখনো ২০২২তে সম্পন্ন বুলি সকলোৱে ধাৰণা কৰিছে। ইফালে সুদৰ্শন অভিনেতা ৰাজকুমাৰ ৰাৱ আৰু পত্ৰলেখাৰ বিয়াও অচিৰেই সম্পন্ন হব। এনেবোৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকা ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ খবৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰচাৰ হৈছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ২০২১ত বিয়াৰ সাজু নহয় এই প্ৰেমিক যুগল। যদিও পূৰ্বৰে পৰা তেওঁলোকে ২০২১তে বিয়াৰ বাবে সাজু হোৱা বুলি চৰ্চা হৈছিল, কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰণবীৰ-আলিয়াই সলনি কৰিছে এই সিদ্ধান্ত। ২০২১ৰ পৰিৱৰ্তে ২০২২ৰ মাজভাগতহে এতিয়া বিয়াত বহিব ৰণবীৰ-আলিয়া। ২০২২ৰ এপ্ৰিল মাহত বিয়াত বহাৰ সিদ্ধান্ত লৈছে ৰণবীৰ আলিয়াই।
উল্লেখ্য যে, ৰণবীৰ-আলিয়াই তেওলোকৰ বিয়াৰ সন্দৰ্ভত কোনো কথাই আজিলৈকে ৰাজহুৱা কৰা নাই। বহু অনুষ্ঠানত সাংবাদিকে তেওঁলোকৰ সম্পৰ্কক লৈ সোধা প্ৰশ্নৰ পৰাও ফালৰি কটা দেখা যায় দুয়োকে। তেনেক্ষেত্ৰত ২০২২ৰ এপ্ৰিলত বিয়াৰ সিদ্ধান্ত লৈ সকলো অনুৰাগীকে আচৰিত কৰিছে এই প্ৰেমিক যুগলে।