ডিজিটেল ডেস্কঃ অচিৰেই পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিব ৰণবীৰ-আলিয়াই। ইতিমধ্যে সন্তানসম্ভৱা আলিয়াই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এনে সময়তে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত পুনৰ চৰ্চিত হৈছে আন এটা বিষয়। আহিবলগীয়া সন্তানক লৈ ৰণবীৰ ইমানেই উতসাহী যে, তেওঁলোকে ঠিক কৰিছে সন্তানক ৰণবীৰে কি নামেৰে মাতিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আহিবলগীয়া সন্তানক ৰণবীৰে মাতিব আয়ৰা বুলি। এই আয়ৰা নামটো আলিয়াৰ সবাতোকৈ প্ৰিয় নাম। আৰু এই নামটোত সোমাই আছে ৰণবীৰৰ নিজৰ নামৰে দুটা আখৰ। সেয়েহে আহিব লগীয়া সন্তানক পিতৃ ৰণবীৰ আৰু মাতৃয়ে আয়ৰা নামেৰে মাতিব। উল্লেখ কৰা প্ৰয়োজন যে, আয়ৰা নামটোৰ অৰ্থ হৈছে সকলোকে মৰম, সন্মান কৰা, সকলোকে প্ৰেৰণা দিব পৰা এজন ব্যক্তি…