1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:43 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মঙলদৈ, গুৱাহাটী, শিৱসাগৰৰ পিছত এইবাৰ ৰামানুজনত প্ৰৱেশ কৰিলে কৰোনাই

  • Update Time : Saturday, November 13, 2021

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু উন্নত হলেও শেহতীয়াকৈ ভিন্ন প্ৰান্তৰ বিদ্যালয়ত হোৱা কভিড সংক্ৰমণে সকলোকে চিন্তাত পেলাইছে। প্ৰথমে মঙলদৈৰ এখন বিদ্যালয়, তাৰ পাছত গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ত কোভিড সংক্ৰমণৰ পাছত অতি শেহতীয়াকৈ শিৱসাগৰৰ এখন বিদ্যালয়ৰ  ৩২গৰাকীকৈ শিক্ষক-শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিড সংক্ৰমণ। শনিবাৰৰ দিনটোত খবৰ আহিল যে, ৰাজ্যৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নগাঁৱৰ ৰামানুুজন কনিষ্ঠ মহাবিদ্যালয়তো প্ৰৱেশ কৰিছে কৰোনাই।

কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষসহ ৪গৰাকী শিক্ষাৰ্থীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে। অধ্যক্ষ দিলীপ বৰাৰ লগতে চাৰি ছাত্ৰৰ দেহত কভিড ধৰা পৰাৰ পাছতে শংকিত হৈ পৰিছে শিক্ষানুষ্ঠানৰ সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক। উল্লেখ কৰা প্ৰয়োজন যে, আক্ৰান্ত আটাইকেইজন ছাত্ৰ আছিল শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ নিৱাসী।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত কৰোনাৰ সংক্ৰমণ অতিকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে সকলো শিক্ষাৰ্থী তথা শিক্ষকক সাৱধান হবলৈ আহ্বান জনাইছে যদিও বিদ্যালয় খোলাৰে পৰা ইখনৰ পাছত সিখন শিক্ষানুষ্ঠান কোভিড সংক্ৰমণৰ বাবেই পুনৰ পাঠদান বন্ধ কৰিব দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme