1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

ঘৰৰ পৰা ওলাই যাওতেই চাই লওক, আপোনাৰ আজিৰ দিনটো কেনেকুৱা…

  • Update Time : Tuesday, June 6, 2023

ডিজিটেল ডেস্কঃ

৬জুন, ২০২৩ৰ ৰাশিফল…

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হব লগতে ৰাজনৈতিক ভাৱে সুযোগ সুবিধা লাভ কৰিব।

২. বৃষ ৰাশি :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত মনত সামান্য চিন্তা বঢ়িব পাৰে, মনত সামান্য কষ্ট কৰিবলগীয়া হ’ব পাৰে যদিও আজিৰ দিনটো ছাত্ৰ ছাত্ৰী সকলৰ বাবে শুভ বুলিব পাৰি।

৩. মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে যদিও আজি আপুনি কৰ্মত অধিক দ্বায়িত্ব লাভ কৰাৰ ৰোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুক দমন কৰিবলৈ সক্ষম হব, ঋণ মুক্ত হ’বলৈ সক্ষম হব , যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সৰু-সুৰা সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলিব পাৰি, ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, নিবনুৱা সকলে নতুনকৈ কৰ্মত যোগাযোগ কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু-সুৰা কথাত আপোনাৰ মনটো চিন্তিত হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আৰ্থিক দিশটো শুভ হ’ব, মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে নজৰ ৰাখাটো আপোনাৰ পক্ষে আজি ভাল হব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে সফলতা লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব লগতে আজি নিবনুৱা সকলে নতুনকৈ কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, প্ৰিয় জনলৈ প্ৰেমৰ প্ৰস্তাৱ পঠিয়াব পাৰে আজি আপুনি, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme