ডিজিটেল ডেস্কঃ ১১বছৰ বয়সত নীতা আম্বানীৰ বিয়াত ৫০টকাৰ হাজিৰাৰে কাম কৰা বিৰ্তকিত অভিনেত্ৰী ৰাখী সাৱন্ত এতিয়া কেইবাকোটিৰ টকাৰ মালিক। মিডিয়া ৰিৰ্পট অনুসৰি ৰাখীৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৭কোটিৰো অধিক।
উল্লেখ কৰা প্ৰয়োজন যে, এটা শ্বৰ বাবদ ৰাখীয়ে লয় ডেৰ লাখকৈ টকা। মুম্বাইৰ দৰে চহৰত ৰাখীৰ দুটা বিলাসী ফ্লেট আছে। এই ফ্লেট দুটাৰ মূল্য ১১কোটিৰো অধিক। ডুবাইতো আছে ৰাখী সাৱন্তৰ এটা বিলাসী ফ্লেট।
ইয়াৰো উপৰি বৰ্তমান ৰাখীয়ে সাধাৰণতে সাধাৰণ গাড়ীতে ঘুৰা দেখা যায় যদিও ৰাখীৰ ওচৰত আছে ২১লাখ টকীয়া ফৰ্ডৰ এখন বিশেষ গাড়ী। অন্যান্য কেইবাখনো গাড়ীৰ মালিক ৰাখী।