ডিজিটেল ডেস্কঃ ৰাখীয়ে কেতিয়াবা যি সচাঁ কথাও কয়, তেন্তে অনুৰাগীসকলে সেই কথা সচাঁনে মিছা সেই কথা ১০০বাৰ ভাৱে। শেহতীয়াকৈ প্ৰকাশ পাইছে যে, ৰাখীয়ে তেওঁৰ প্ৰেমিক আদিলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে ৰাখীয়ে সলনি কৰিছে ধৰ্ম। হিন্দু ধৰ্মৰ পৰিৱৰ্তে ইছলাম ধৰ্ম লৈ নাম সলনি কৰিলে ৰাখীয়ে। ৰাখীৰ বৰ্তমান নাম হৈছে ৰাখী সাৱন্ত ফাতেমা।
ইতিমধ্যে দুয়োৰে ব্যক্তিগত বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ফটো ভাইৰেল হলেও ড্ৰামা কুইন ৰাখীৰ কথা এতিয়াও বহুতে বিশ্বাসেই কৰা নাই।
তাৰ পৰিৱৰ্তে ৰাখীৰ বহু পুৰণি ফটো আপলোড কৰি ৰাখীয়ে এনে কাম কেৱল মাত্ৰ প্ৰচাৰৰ বাবে যে কৰে সেই কথা নেটিজেন সকলে সকলোকে মনত পেলাই দিছে।
সেয়া যি কি নহলেও, হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্ম লোৱা ৰাখীয়ে ইয়াৰ পিছত আৰু কি ঘোষণা কৰে তালৈ অপেক্ষা কৰিছে বহুতে। একাংশ নেটিজেনে সন্দেহ কৰিছে যে, ৰাখী লাভ জেহাদৰ বলি হল নেকি!