ডিজিটেল ডেস্কঃ সকলোৱে হয়তো জ্যেতিষ শাস্ত্ৰ বিশ্বাস নকৰে। কিন্তু প্ৰায়সংখ্যকেই জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে আৰু তেনেদৰে ফলো লাভ কৰে। পিতৃ-মাতৃ সকলোকে পূজ্য। কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে, কিছুমান ৰাশিৰ জাতক-জাতিকাৰ ওপৰত মাতৃ আৰু কিছুমানৰ ওপৰত পিতৃয়ে বিশেষভাৱে প্ৰভাৱ পেলায়। মাতৃয়ে বিশেষভাৱে প্ৰভাৱ পেলোৱা তেনে এটা ৰাশি হৈছে কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলক জীৱনত মাতৃয়ে বিশেষভাৱে প্ৰভাৱ পেলায়। এক কথাত কব পাৰি এনে জাতক-জাতিকাৰ জীৱনত পিতৃতকৈ মাতৃৰ প্ৰভাৱ বেছি। এনে জাতক-জাতিকাই মাতৃক সদায়ে সন্তুষ্ট কৰি ৰাখিব লাগে আৰু লগতে সকলো কথা শুনিবলৈ চেষ্টা কৰিব লাগে। মাতৃৰ অবাধ্যই কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকৰ জীৱনত অশুভ শক্তিয়ে সহজে ক্ৰিয়া কৰিব পাৰে।
যদিহে কৰ্কট ৰাশিৰ জাতক-জাতিকাই মাতৃক সুখী কৰি ৰাখিব পাৰে তেন্তে জীৱনত উন্নতিৰ চৰম সীমা আৰোহন কৰিব পাৰে। অৱশ্যে কৰ্কট ৰাশি বুলিয়েই নহয়, সকলো ৰাশিৰ জাতক-জাতিকাই পিতৃ-মাতৃক পূজা কৰিলে ভগৱানক বেলেগকৈ পূজা কৰাৰ প্ৰয়োজন নাই।