ডিজিটেল ডেস্কঃ সমগ্ৰ দেশক হহুঁৱাই ফুৰা মানুহজন দিল্লীৰ এইমছত প্ৰায় দুমাহ কাল চিকিতসাধীন হৈ থকাৰ পাছত সকলোকে কন্দুৱাই মেলানি মাগিলে এই পৃথিৱীৰ পৰা। কেৱল হাঁহিৰ মাধ্যমৰে জীৱন জিনিবলৈ শিকা ৰাজু শ্ৰীবাস্তৱৰ বাস্তৱ জীৱন আছিল বৰ কঠোৰ। খালী হাতেৰে এদিন মুম্বাইলৈ অহা ৰাজু শ্ৰীবাস্তৱে প্ৰথমে চলিবলৈ কৰিছিল অটোচালকৰ কাম।
অটো চলোৱাৰ সমান্তৰালভাৱে কেতিয়াবা সৰু সৰু শ্বত কথাৰ জৰিয়তে হহুৱাইছিল ৰাজু শ্ৰীবাস্তৱে। আৰু এই কামেই ২০০৫চনত জীৱন সলনি কৰি দিছিল ৰাজু শ্ৰীবাস্তৱৰ। এটা বিশেষ ৰিয়েলিটী শ্বত অংশ লোৱাৰ পাছতে কোটি কোটি জনৰ বুকুত থিতাপি লবলৈ সক্ষম হৈছিল ৰাজুয়ে। লাহে লাহে ৰাজু শ্ৰীবাস্তৱৰ জীৱনৰ চকৰি সলনি হবলৈ লৈছিল।
এদিন দৰিদ্ৰতাৰ বাবে তেওঁৰ পিতৃয়ে বিক্ৰী কৰা গাঁৱৰ ঘৰটো ৮গুণ বেচিকৈ টকা দি ক্ৰয় কৰিছিল ৰাজুয়ে। মৃত্যুৰ সময়ৰ লৈকে ৰাজু শ্ৰীবাস্তৱৰ মূল সম্পত্তি ১৫ৰ পৰা ২০কোটি টকাৰ হব বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দাবী কৰিছে। এদিন খালী হাতেৰে মুম্বাইলৈ অহা ৰাজুৰ এতিয়া মুম্বাইত আছে ৪ বি এইচ কে এটা বিলাসী অট্টালিকা। ইয়াৰ লগতে অন্য কেইবাস্থানতো তেওঁৰ আছিল বিশাল ভূমি সম্পত্তি।
উল্লেখ কৰা প্ৰয়োজন যে, মঞ্চত প্ৰথমটো শ্বৰ বাবে ৰাজুয়ে লৈছিল ৫০টকাৰ মাননি আৰু মৃত্যুৰ আগলৈকে এটা শ্বৰ বাবদ ৰাজু শ্ৰীবাস্তৱে লাভ কৰিছিল ৫-১০লাখ টকা।