ডিজিটেল ডেস্কঃ যিকোনো পৰিৱেশ বা পৰিস্থিতি মহিলা নাইবা যুৱতীক জোকালে বা হাৰাশাস্তি কৰিলে এতিয়াৰে পৰা লাভ নকৰে চৰকাৰী চাকৰি। এই নিৰ্দেশ শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সম্পূৰ্ণ তথ্য পুংখানুপুংখভাৱে চোৱাৰ পাছতহে চৰকাৰী চাকৰি লাভ কৰিব এগৰাকী প্ৰাৰ্থীয়ে।
যদিহে উক্ত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যদিহে কোনো মহিলাক নিৰ্যাতন নাইবা হাৰাশাস্তি কৰাৰ তথ্য থাকে, তেন্তে তেওঁ কোনোদিন লাভ নকৰে চাকৰি। শেহতীয়াকৈ ৰাজস্থানৰ অশোক গেহলট চৰকাৰে কৰিছে এই ঘোষণা। নাৰী নিৰ্যাতনৰ প্ৰতি সচেতনতা বৃদ্ধিৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে।