1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

জেলতে থাকিব ৰাজকন্যা…

  • Update Time : Saturday, November 27, 2021

ডিজিটেল ডেস্কঃ সুৰামক্ত হৈ কেইবাগৰাকীও শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যাৰ বৰুৱাৰ বেয়া দিন এতিয়াও আঁতৰা নাই।  যোচেফ মাৰাকৰ মৃত্যুৰ পাছত বিপদ পূৰ্বতকৈ বেছিহে হৈছে ৰাজকন্যাৰ। শেহতীয়াকৈ যোৱা শুকুৰবাৰে কেন্দ্ৰীয় কাৰাগাৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক।  উল্লেখ্য যে, প্ৰথম গোচৰত লাভ কৰা জামিন নাকচৰ পিছতে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী আৰক্ষীৰ দলে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বুধবাৰে সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছিল ৰাজকন্যাৰ জামিন। ইফালে যোচেফ মাৰাকৰ মৃত্যুৰ পিছতে সমগ্ৰ আইনী প্ৰক্ৰিয়া কিছু জটিল হৈছে ৰাজকন্যাৰ ক্ষেত্ৰত। তদন্তকাৰী আৰক্ষীয়েও এইক্ষেত্ৰত সমগ্ৰ বিষয়টো পুনৰ চালি-জাৰি চাই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme